NORTHEAST NOW (Assamese)
Popular Stories

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2021 5:53 pm
Sunidhi

বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ পৰামৰ্শ দিছিল বলিউদৰ দুগৰাকীকৈ বিখ্যাত সংগীত পৰিচালকে।

আনকি এজন সংগীত পৰিচালকে তেওঁৰ কণ্ঠক অভিনেত্ৰীৰ ওঁঠত পুৰুষৰ কণ্ঠ দৰে হ’ব বুলিও কটাক্ষ কৰিছিল।

বলিউদ বাব’লত দিয়া এক সাক্ষাৎকাৰত এই বিস্ফোৰক অভিযোগ কৰিছে বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

কেৰিয়াৰ আৰম্ভণি সময়ছোৱাত সুনীধিয়ে তদ্ৰূপ আৰু বহু মন্তব্য শুনিবলৈ পোৱা বুলিও জানিবলৈ দিছে।

অৱশ্যে সুনীধি চৌহানে বলিউদত সফলতা লভি দেশত জনপ্ৰিয়তা লাভ কৰাৰ পিছতে উক্ত সংগীত পৰিচালক দুজনে পূৰ্বতে কৰা তেনে মন্তব্যৰ বাবে অনুশোচনা কৰা বুলিও ব্যক্ত কৰিছে সাক্ষাৎকাৰটোত।

“তুমি বেগ সামৰি সুতৰি ঘৰলৈ গুচি যোৱা, কাৰণ তুমি ‘লাগ যা গ’লে’ৰ দৰে গান নিখুঁট তথা মূল সুৰেৰে গাব নোৱাৰা।” বলিউদৰ অতি বিখ্যাত দুই সংগীত পৰিচালকে তেওঁক এইদৰে কোৱা বুলিও কয় সুনীধিয়ে।

“এই ধৰণৰ কণ্ঠৰেৰে কাম কৰিব নোৱাৰিবা। তোমাৰ কণ্ঠটো শক্তিশালী। ই অভিনেত্ৰীৰ মুখত পুৰুষৰ কণ্ঠৰ দৰে হ’ব। গতিকে তুমি বেগ সামৰি লোৱা। মাত্ৰ এক দুই বছৰহে তুমি ইয়াত টিকিব পাৰিবা, ইয়াৰ পিছত তুমি ঘৰলৈ ওভতি যাব লাগিব।” দুই সংগীত পৰিচালকৰ উক্ত উদ্ধৃতিৰে সুনীধিয়ে সাক্ষাৎকাৰটোত পুনৰ কয়।

উল্লেখ্য যে বলিউদত প্ৰথমাৱস্থাত এনেধৰণৰ আচৰণৰ সন্মুখীন হ’লেও হাৰ নমনা সুনীধি চৌহানে নিজকে বলিউদত প্ৰতিষ্ঠা লাভ কৰি জনপ্ৰিয় হৈ উঠে।

ধুম মচালে, চালিয়া, কেইচি পাহেলি, শীলা কী জাৱানী আদি বহু জনপ্ৰিয় গীত বলিউদক উপহাৰ দিছে সুনীধি চৌহানে।

সুনীধিয়ে বলিউদত প্ৰতিষ্ঠান লাভ কৰাৰ ইয়াৰ পিছতে উক্ত দুই সংগীত পৰিচালকে পূৰ্বতে কৰা তেনে মন্তব্যৰ বাবে ক্ষমা খুজি সুনীধিক সেয়া পাহৰি যাবলৈ অনুৰোধ কৰা বুলিও কয়।

অৱশ্যে বলিউদৰ সেই বিখ্যাত সংগীত পৰিচালকদ্বয়ৰ নাম লোৱাৰ পৰা বিৰত থাকে সুনীধি চৌহানে।