NORTHEAST NOW (Assamese)

ওড়িশাত আতংক : ‘ছুপাৰ স্প্ৰেডাৰ’ পৰিয়ালে ৮৭ জনক কৰিলে আক্ৰান্ত

July 4, 2020 5:45 pm · এন ই নাও নিউজ

 

এটা পৰিয়াল, যিটো পৰিয়লক লৈ এতিয়া আতংক বিয়পি পৰিছে ওড়িশাৰ এখন গাঁৱত। ওড়িশাৰ ৰাইগড় জিলাৰ অতি ভিতৰুৱা  গাঁৱখনলৈ কিছুদিন পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছিল তিনিজনীয়া এটা পৰিয়াল।

পৰিয়ালটোৰ স্বামী-স্ত্ৰী আৰু কন্যা আক্ৰান্ত হৈছিল কোভিডত। প্ৰশাসনে তেওঁলোকক হোম কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিছিল যদিও তেওঁলোকে সেই নিৰ্দেশ উলংঘা কৰি সমগ্ৰ গাওঁ খনতে ঘূৰি ফুৰিছিল।

ফলত মাত্ৰ কেই ঘন্টা মানৰ ভিতৰতে গাওঁখনৰ ৮৭ জনকৈ লোক আক্ৰান্ত হ’বলগীয়া হৈছে কোভিড-১৯ত।‘ছুপাৰ স্প্ৰেডাৰ’ পৰিয়ালত পৰিণত হোৱা পৰিয়ালটোক লৈ এতিয়া সেয়ে সমগ্ৰ গাওঁখনতে বিয়পি পৰিছে আতংক।

ক’ৰ’ণা ভাইৰাছত এনেদৰে ৮৭ জনকৈ লোক অতি কম সময়ৰ ভিতৰতে আক্ৰন্ত হোৱাত এতিয়া বিপাঙত পৰিছে স্বাস্থ্য বিভাগৰো লোক সকল।

স্বাস্থ্য বিভাগৰ কৰ্মী সুব্ৰত বাগচিয়ে প্ৰকাশ কৰা মতে পৰিয়ালটোৰ পৰা ক’ৰ’ণা ভাইৰাছ ইমান দ্ৰুতগতিৰে সংক্ৰমিত হৈছে যে স্বাস্থ্য বিভাগে আনকি এম্বুলেন্স যোগাৰ কৰাৰো সময় পোৱা নাই।

ৰোগী সকলক লৈ সেয়ে এতিয়া চিন্তাত পৰিছে স্বাস্থ্য বিভাগ।

কোভিড-১৯ত।‘ছুপাৰ স্প্ৰেডাৰ’ পৰিয়ালত পৰিণত হোৱা পৰিয়ালটোৱে অন্ধ্ৰপ্ৰদেশৰ বিজয়পুৰৰ পৰা আহি ওড়িশাৰ গাওঁত থকা নিজৰ ঘৰলৈ আহিছিল।

Related News