NORTHEAST NOW (Assamese)

‘কালি ৰাতিহে ফাইলটো পালোঁ’- ওমৰ খালিদৰ জামিন আবেদনত ১৯ ছেপ্টেম্বৰলৈকে স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

September 12, 2025 3:48 pm · এন ই নাও নিউজ, গুৱাহাটী

উচ্চতম ন্যায়ালয়ে আজি(১২ ছেপ্টেম্বৰ) দিল্লী সংঘৰ্ষৰ ষড়যন্ত্ৰৰ গোচৰত জামিন বিচাৰি মৰ খালিদ, শ্বাৰ্জিল ইমাম, মীৰাণ হাইদৰ আৰু গুলফিছা ফাতিমাই দাখিল কৰা আবেদনৰ শুনানি ১৯ ছেপ্টেম্বৰলৈ স্থগিত ৰাখে। আজি ন্যায়াধীশ অৰবিন্দ কুমাৰে এই বিষয়সমূহ গ্ৰহণ কৰাত অসুবিধা প্ৰকাশ কৰি কয় যে, পৰিপূৰক তালিকাৰ ফাইলসমূহ ২.৩০ নিশাহে লাভ কৰা হৈছে।

আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু চি ইউ সিং (খালিদৰ হৈ), ডাঃ অভিষেক মনু সিংভি(ফাতিমাৰ হৈ), আৰু সিদ্ধাৰ্থ ডেভ (ইমামৰ হৈ) আদি হাজিৰ হয়। যোৱা ২ ছেপ্টেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁলোকৰ জামিন আৱেদন খাৰিজ কৰি দিয়া ৰায়ৰ বিৰুদ্ধে এই আৱেদন দাখিল কৰা হৈছিল। ন্যায়াধীশ নবীন চাওলা আৰু ন্যায়াধীশ শলিন্দৰ কৌৰৰ দ্বাৰা গঠিত বিভাগীয় বিচাৰপীঠে এই ৰায়দান কৰিছিল

২০১৯-২০২০ চনত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ আয়োজন কৰাৰ ক্ষেত্ৰত আগৰণুৱা ছাত্ৰ কৰ্মী হিচাপে কৰ্মৰত আবেদনকাৰীৰ বিৰুদ্ধে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত ৰাষ্ট্ৰীয় ৰাজধানীত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰৰ “বৃহত্তৰ ষড়যন্ত্ৰ” প্ৰণয়ন কৰাৰ অভিযোগত অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত অভিযোগৰ সন্মুখীন হৈছে আৰু পাঁচ বছৰতকৈও অধিক সময় জিম্মাত আছে।

Related News