NORTHEAST NOW (Assamese)
অসম

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 27, 2025 10:06 am

নজিৰবিহীন ঘটনা! এইবাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিক লৈও ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। এই প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ৰ ভাবী মুখ্য ন্যায়াধীশ তথা কলেজিয়ামৰ সদস্য ন্যায়াধীশ বি ভি নাগৰত্নাই।

সূত্ৰ অনুসৰি ন্যায়াধীশগৰাকীয়ে দাবী কৰে যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পৰামৰ্শ দিয়া নতুন ন্যায়াধীশ দুগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত বহিবলৈ দিয়া পৰামৰ্শ গ্ৰহণ কৰিলে ‘আঞ্চলিক সমতা’ত ব্যাঘাত জন্মিব। কেৱল সেয়াই নহয়, গুজৰাটৰ পৰা এজন ন্যায়াধীশক উচ্চতম ন্যায়ালয়লৈ অনাৰ বাবে বহু জ্যেষ্ঠ ন্যায়াধীশক উপেক্ষা কৰা হৈছে।

সোমবাৰে কলেজিয়ামে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দুজন ন্যায়াধীশক নিযুক্তি দিবলৈ পৰামৰ্শ দিছে। এজন হৈছে পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিপুল এম পাঞ্চোলি আৰু আনজন হৈছে বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আলোক আৰাধে।

মন কৰিবলগীয়া যে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি নিদিয়ে। উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া কলেজিয়ামে তেওঁলোকক নিযুক্তিৰ পৰামৰ্শ দিয়ে। সেই পৰামৰ্শৰ ওপৰতহে কেন্দ্ৰই নিজৰ সন্মতি দিয়ে।

সমস্যাটো হ’ল এইবাৰ কলেজিয়ামে পৰামৰ্শ দিয়া ন্যায়াধীশ দুজনৰ ভিতৰত গুজৰাটৰ বাসিন্দা ন্যায়াধীশ বিপুল পাঞ্চোলিক লৈ আপত্তি উত্থাপন কৰিছে কলেজিয়ামৰ সদস্য ন্যায়াধীশ বি ভি নাগাৰত্নই। সেই ন্যায়াধীশৰ নামত তেওঁ একাধিক ‘ডিছেন্ট নোট’ দাখিল কৰিছে। যদিও বাকী চাৰিজন ন্যায়াধীশৰ ভোটত সেই ‘ডিছেন্ট নোট’ নাকচ হৈ যায়। কিন্তু ন্যায়াধীশ নগৰত্নাই উত্থাপন কৰা অভিযোগ যথেষ্ট চাঞ্চল্যকৰ।

তেওঁৰ আপত্তি দুটা। এটা, ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দুজন গুজৰাটী ন্যায়াধীশ আছে। আৰু এজনক নিযুক্তি দিলে আঞ্চলিক সমতা বিঘ্নিত হ’ব। ন্যায়াধীশ নাগাৰত্নাই দাবী কৰিছে যে ইয়াৰ দ্বাৰা কলেজিয়ামৰ স্বচ্ছতাৰ ওপৰত প্ৰশ্ন উত্থাপন হ’ব। দুই, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ মাজত জ্যেষ্ঠতাৰ ক্ষেত্ৰত ৫৭ নম্বৰ স্থানত আছে ন্যায়াধীশ বিপুল পাঞ্চোলি। তেওঁৰ আগৰ ৫৬ জন লোকক কিয় বিবেচনা কৰা নহ’ল?

এইগৰাকী ন্যায়াধীশ বিপুল পাঞ্চোলীক পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতিৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছিল। আশ্চৰ্যজনক কথাটো হ’ল কেন্দ্ৰই এই পৰামৰ্শ মানি ল’লে উচ্চতম ন্যায়ালয়ত ‘প্ৰমোচন’ পোৱাৰ দুবছৰৰ ভিতৰতে ন্যায়াধীশ পাঞ্চোলি মুখ্য ন্যায়াধীশ হ’ব। আৰু ডেৰ বছৰ পদত থাকিব। সেইটোও হ’ব নজিৰবিহীন।

ন্যায়াধীশ বি ভি নাগৰত্ন দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’বলৈ গৈ আছে। কলেজিয়ামৰ ভিতৰৰ পৰা তেওঁ যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে, সেইবোৰ যথেষ্ট চাঞ্চল্যকৰ। এই ন্যায়াধীশজনৰ দ্ৰুত ‘উন্নতি’ক লৈ ন্যায়াধীশ নাগাৰত্নাই তেওঁৰ ‘ডিচেণ্ট নোট’ত যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে, সেইবোৰ যথেষ্ট চাঞ্চল্যকৰ।