NORTHEAST NOW (Assamese)

বৃহৎ খবৰ|| পিছলৈ গ’ল চূড়ান্ত এন আৰ চি

July 23, 2019 4:48 pm · এন ই নাও নিউজ
Updated: July 23, 2019 5:08 pm
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ফাইল ছবি।

উচ্চতম ন্যায়ালয়ে মঙলবাৰে অসমত সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ অন্তিম সময়সীমা ৩১ আগষ্টলৈ বৃদ্ধি কৰে।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক খচৰা তালিকা, অন্তৰ্ভূক্ত হোৱা আৰু বাদ পৰাৰ পাছত থকা নাম সমূহ প্ৰকাশ কৰাৰ ক্ষেত্ৰত অধিক সময় বিচাৰি অনুৰোধ কৰাত সৰ্বোচ্চ ন্যায়ালয়ে অন্তিম সময়সীমা বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ এফ আৰ নাৰিমেনেৰে গঠিত বিচাৰপীঠে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হাজেলাক এন আৰ চি সম্বন্ধীয় ইচ্ছ্যুৰ বাবে সকলো অংশীদাৰকে ৭ আগষ্টৰ আবেলি ৩ বজাৰ আগতে সৰ্বোচ্চ ন্যায়ালয়ৰ সন্মুখত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰাৰো নিৰ্দেশ দিয়ে।

এন আৰ চিত ভূলকৈ অন্তৰ্ভূক্ত হোৱা আৰু বাদ পৰা লোক সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ২০ শতাংশ নমুনা পৰীক্ষণৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ৭২ লাখ লোকৰ পুনৰ পৰীক্ষণ হৈ যোৱাৰ পাছত আৰু নতুনকৈ কোনোধৰণৰ পুনৰ পৰীক্ষণৰ প্ৰয়োজন নাই বুলি উচ্চতম ন্যায়ালয়ৰ আগত প্ৰকাশ কৰাৰ পাছতে ন্যায়ালয়ে চৰকাৰৰ আবেদন খাৰিজ কৰে।

বিচাৰপীঠে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মহাধিবক্তা তুষাৰ মেহাতাই তেওঁলোকক এন আৰ চি প্ৰক্ৰিয়াত অন্তৰ্ভূক্ত আৰু বাদ পৰা লোকৰ ২০ শতাংশ যাদৃশ্যিক নমুনা পৰীক্ষণ কৰিব দিয়াৰ আবেদন সন্দৰ্ভতো ধ্যান দিয়ে।

ইয়াৰপূৰ্বে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ পৰা এন আৰ চি প্ৰকাশৰ অন্তিম সময়সীমা ৩১  জুলাইতকৈ বৃদ্ধি কৰাৰ বাবে আবেদন কৰিছিল।

Related News