NORTHEAST NOW (Assamese)
Popular Stories

কৰোনাতংক : দেশৰ জেইলসমূহৰ পৰা কয়দীক মুকলি কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 8, 2021 5:57 pm
SC

কৰোনাৰ দ্বিতীয় ঢৌৱে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। ইতিমধ্যে কৰোনাই দেশৰ কাৰাগাৰসমূহতো প্ৰৱেশ কৰিছে।

দেশৰ কৰোনাৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে আজি কাৰাগাৰৰ ভিৰ হ্ৰাস কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে।

মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি যোৱা বছৰ জামিন বা পেৰেলত মুকলি হোৱা সকলো বন্দীকে এইবাৰো তৎক্ষণাৎ মুকলি কৰাৰ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এনভি ৰমন, ন্যায়াধীশ এল নাগেশ্বৰৰ আৰু সূৰ্য্য কান্তৰ তিনিজনীয়া এক বিচাৰ পীঠে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি গঠন কৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিসমূহে যোৱা বছৰ মাৰ্চত জামিনত মুকলি কৰি দিয়া সকলো কয়দীক এইচপিচিৰ দ্বাৰা কোনো বিলম্ব আৰু পুনৰ বিবেচনা নকৰাকৈ এইবাৰো মুকলি কৰি দিয়ক।

“আমি নিৰ্দেশ দিছো যে, আমাৰ পূৰ্বৰ আদেশ অনুসৰি যোৱা বছৰ পেৰেলত মুকলি হোৱা বন্দীসকলক কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ৯০ দিনৰ বাবে পুনৰ মুকলি কৰি দিয়া হওক।” দেশৰ  শীৰ্ষ আদালতৰ বিচাৰপীঠৰ নিৰ্দেশনাটোত এইদৰে কোৱা হৈছে।

উচ্চতম ন্যায়ালয়ে নিৰ্দেশনাটোত কৰ্তৃপক্ষক বছৰলৈকে কাৰাদণ্ড লাভ নকৰা কয়দীক গ্ৰেপ্তাৰ কৰি এই সময়ছোৱাত কাৰাগাৰত ৰাখিব নালাগে বুলিও উল্লেখ কৰিছে।