NORTHEAST NOW (Assamese)

Supreme Court to Farmers উচ্চতম ন্যায়ালয়ে ক’লে ‘কৃষকৰ প্ৰতিবাদৰ অধিকাৰ আছে কিন্তু পথ বন্ধ কৰি নহয়’

October 21, 2021 3:41 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 21, 2021 3:42 pm

Supreme Court on Farmers Movement কৃষকসকলে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে কিন্তু অনিৰ্দিষ্টকালীন পথ বন্ধ কৰি ৰাখিব নোৱাৰিব। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এইকথা স্পষ্ট কৰি দিয়ে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে ছওল আৰু ন্যায়াধীশ চি টি ৰবিকুমাৰৰ বিচাৰপীঠে কৃষক আন্দোলনৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিয়ে।

বিচাৰপীঠখনে জানিবলৈ দিয়ে যে কৃষকসকলে আন্দোলন কৰিব পাৰে আৰু যিকোনো ঘৰণৰ আন্দোলনৰ অধিকাৰ কাঢ়ি ল’ব নোৱাৰি। কিন্তু অনিৰ্দিষ্টকালীন পথ আৱদ্ধ কৰি ৰাখিব নোৱাৰি। সাধাৰণ নাগৰিকৰ পথত চলাচ কৰাৰ অধিকাৰ আছে।

আদালতে লগতে জনায় যে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে যেতিয়া গোচৰৰ নিষ্পত্তি হ’বই। গোচৰ চলি থকা সময়ত আন্দোলন চলিব পাৰে। কিন্তু পথ বন্ধ কৰিব নোৱাৰিব।  

উল্লেখ্য যে কৃষক আন্দোলনৰ ফলত পথ বন্ধ হৈ পৰাক লৈ নয়ডাৰ এগৰাকী বাসিন্দা মনিকা আগৰৱাল উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁ এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল।

উক্ত গোচৰৰ শুনানিৰ সময়তে কৃষকসকলৰ সংগঠন সংযুক্ত কিষান মৰ্চাৰ পৰা আদালতে উত্তৰ বিচাৰিছিল।       

সংযুক্ত কিষান মৰ্চাই আদালতক জনাইছিল যে পথৰ বাহন নিয়ন্ত্ৰণৰ দায়িত্ব আৰক্ষীৰ। তেওঁলোকে সেয়া কৰিব নোৱাৰিলে কৃষকসকলক ৰামলীলা ময়দান বা যন্তৰ-মন্তৰত আন্দোলন কৰিবলৈ দিয়ক।

অহা ৭ ডিচেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।  

Related News