NORTHEAST NOW (Assamese)

জামিনক লৈ উচ্চতম ন্যায়ালয়ত কঠোৰ সমালোচনাৰ সন্মুখীন ইডি; আটকাধীনসকল কিমান দিন কাৰাগাৰত থাকিব, প্ৰশ্ন আদালতৰ

September 27, 2024 1:16 pm · এন ই নাও নিউজ, নতুন দিল্লী
উচ্চতম ন্যায়ালয়ে ইডিক কয় যে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ জামিন লাভৰ অধিকাৰ আছে।

অভিযুক্তক জামিন মঞ্জুৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল বলবৎকাৰী সঞ্চালকালয় (ইডি)। উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে, তদন্তৰ পিছত অভিযুক্তক কিমান দিনলৈ আটক কৰি ৰাখিব পাৰি?

গ্ৰেপ্তাৰ হোৱা লোকসকলৰ জামিন লাভৰ অধিকাৰ আছে বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে ইডিক কয় যে অবৈধ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত বহু অভিযুক্তই দিনৰ পিছত দিন কাৰাগাৰত থাকিবলগীয়া হৈছে। ইডিৰ তদন্ত শেষ হোৱা নাই বুলিয়েই আদালতে অভিযুক্তৰ জামিন অস্বীকাৰ কৰিব নোৱাৰে।

লগতে পঢ়কঃ সম্পত্তিৰ হিচাপ দিবলৈ অনীহা! ২৫খন উচ্চ ন্যায়ালয়ৰ ৭৪৯ গৰাকী ন্যায়াধীশৰ ভিতৰত মাত্ৰ ৯৮ গৰাকীয়েহে দাখিল কৰিছে হিচাপ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু অগাস্টিন জৰ্জে তামিলনাডুৰ এটা গোচৰত ইডিক কঠোৰ বাক্যবান শুনায়। ৰাজ্যৰ এটা গোচৰত ডেৰ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছে প্ৰাক্তন মন্ত্ৰী সেন্থিল বালাজী। তেওঁৰ অধিবক্তাই কেইবাবাৰো জামিনৰ বাবে আৱেদন কৰিছে। প্ৰতিবাৰেই ইডিয়ে তদন্ত অসম্পূৰ্ণ বুলি উল্লেখ কৰি জামিন আবেদন নাকচ কৰিবলৈ বিচাৰে।

সেই গোচৰৰ সূত্ৰ ধৰি আদালতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ সামগ্ৰিক দৃষ্টিভংগীক লৈও প্ৰশ্ন উত্থাপন কৰে। দুয়োগৰাকী ন্যায়াধীশে ইউএপিএ আইন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয় যে সেই আইনৰ অধীনত বহু অভিযুক্তৰ জামিন স্থগিত ৰখা হৈছে। অভিযোগ আৰু গোচৰৰ গতিবিধিলৈ চালে ক্ষিপ্ৰ নিষ্পত্তিৰ আশা নাই। তেন্তে দিনৰ পিছত দিন বন্দীসকল কাৰাগাৰতে থাকিব?

তামিলনাডুৰ ধন সৰবৰাহৰ গোচৰত অভিযুক্তৰ সংখ্যা দুহাজাৰ। ইয়াৰে এগৰাকী হৈছে তামিলনাডুৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী সেন্থিল বালাজী। আদালতে ভাবে যে গোচৰৰ তৎকালীন নিষ্পত্তিৰ কোনো সম্ভাৱনা নাই।

লগতে পঢ়কঃ আবেদন নাকচ! বিলকিছ বানো গোচৰত উচ্চতম ন্যায়ালয়ত মুখথেকেচা গুজৰাট চৰকাৰৰ

ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ত এনে প্ৰশ্নৰ সন্মুখীন হৈছে ইডি আৰু চিবিআই। ইডি আৰু চিবিআইয়ে গোচৰসমূহৰ তদন্ত দীঘলীয়া কৰি অভিযুক্তসকলৰ জামিনৰ বিৰোধিতা কৰে আৰু এইদৰে গোচৰবোৰ দীৰ্ঘদিনলৈ নিষ্পত্তি নোহোৱাকৈ পৰি ৰয়।

Related News