বিলকিছ বানো গোচৰৰ “চৰম নিৰীক্ষণ” প্ৰত্যাহাৰ নহয়! গুজৰাট চৰকাৰৰ আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। দুগৰাকী ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কয়, ‘পৰ্যালোচনাৰ আবেদনখন পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছে। সৰ্বশেষত ক’ব পাৰি যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কোনো ভুল নাছিল, সেয়েহে নতুনকৈ বিবেচনা কৰাৰ প্ৰয়োজন নাই। এই পৰ্যালোচনা আবেদনৰ কোনো ভিত্তি নাই’।
দৰাচলতে ঘটনাটো কি? চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে বিলকিছ বানো গোচৰৰ ধৰ্ষণকাৰীৰ জামিন নাকচ কৰিছিল। উচ্চতম ন্যায়ালয়ে তেওঁলোকক পুনৰ জেললৈ পঠিওৱাৰ নিৰ্দেশ দিয়ে। কেৱল সেয়াই নহয়, আদালতে গুজৰাট চৰকাৰক ভর্ৎসনাও কৰে। ইয়াৰ পিছতে গুজৰাট চৰকাৰে উচ্চতম ন্যায়ালয়ত আন এখন আৱেদন দাখিল কৰে। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কৰা ‘বিৰূপ মন্তব্য’ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰা হয়। সেই আবেদন বৃহস্পতিবাৰে নাকচ হয়।
ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিলকিছ বানো ধৰ্ষণ গোচৰত ১১জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ইয়াৰ পিছতে এজন দোষীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু শাস্তিৰ ম্যাদ শেষ হোৱাৰ আগতে মুক্তিৰ দাবী জনাইছিল। তাৰ পিছত উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে গুজৰাট চৰকাৰে ইচ্ছা কৰিলে ধৰ্ষণকাৰীক মুকলি কৰি দিব পাৰে। সেই ৰায়দানত ১১ জন ধৰ্ষণকাৰীক মুকলি কৰি দিয়া হৈছিল। সেয়া আছিল ২০২২ ১৫ আগষ্টত।
লগতে পঢ়কঃ সন্তানৰ মংগল কামনাৰে শিশুক কোলাত লৈ পানীত “ডুব”! ৩৭ টি শিশুসহ ৪৬ জনৰ মৃত্যু বিহাৰত
ইফালে গুজৰাট চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশতে প্ৰতিবাদৰ সৃষ্টি কৰে। এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হয়। কেৱল এই ৰায় নাকচ হোৱাই নহয়, চলিত বৰ্ষৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে ধৰ্ষণকাৰীক মুকলি কৰি দিয়াৰ সন্দৰ্ভত দিয়া নিৰ্দেশৰ অপব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল। উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে নিজৰ ৰায়। লগতে ১৪ দিনৰ ভিতৰত ১১জন অপৰাধীক পুনৰ জেললৈ যোৱাৰ নিৰ্দেশ দিয়ে। গুজৰাট চৰকাৰকো তীব্ৰ ভর্ৎসনা কৰা হয়।