NORTHEAST NOW (Assamese)

দেখিবনে মুকলি আকাশ! কাইলৈ উচ্চতম ন্যায়ালয়ত চিছ’দিয়াৰ জামিন আবেদনৰ শুনানি

July 13, 2023 9:26 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 13, 2023 8:19 pm

দেশৰ ৰাজধানী দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ আসনৰ পৰা গৈ বিগত চাৰিমাহ তিহাৰ কাৰাগাৰৰ বন্ধ কুঠৰীত কটালে আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা মনীষ চিছ’দিয়াই। সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত বন্দী চিছ’দিয়াই ইতিমধ্যে জামিন বিচাৰি বিমুখ হৈছে দিল্লী উচ্চ ন্যায়ালয়ত।

উচ্চ ন্যায়ালয়ৰ অস্বীকাৰৰ পিছত এতিয়া কাইলৈ দেশৰ শীৰ্ষ আদালতে বিচাৰ কৰিব আপ নেতাগৰাকীৰ জামিন আবেদন। যোৱা ৬ জুলাইত উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল চিছ’দিয়া।

চিছ’দিয়াৰ এই আবেদনৰ শুনানিৰ বাবে যোৱা সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে সন্মতি প্ৰকাশ কৰিছিল। চিছ’দিয়াই নিজ আবেদনত তেওঁৰ পত্নীৰ অসুস্থতাৰ উদ্ধৃতিৰে জামিনৰ বাবে অনুৰোধ জনাইছে।

উল্লেখ্য যে, সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত দুই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে চিছ’দিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ধাৰাবাহিক জেৰাৰ অন্তত বিগত ২৬ ফেব্ৰুৱাৰীত চিবিআই- এ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল।

উক্ত দিন ধৰি জিম্মাত আছে আপ নেতাগৰাকী। কেলেংকাৰীৰ এই গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে ৩০ মে’ত চিছ’দিয়াৰ জামিন নাকচ কৰিছিল। আনহাতে ধন সৰবৰাহৰ অভিযোগত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল আপ নেতাগৰাকীক।

এই গোচৰতো বিগত ৩ জুলাইত উচ্চ ন্যায়ালয়ে চিছ’দিয়াৰ জামিন নাকচ কৰে। অভিযুক্ত চিছ’দিয়াৰ ৰাজনৈতিক স্থিতিৰ বাবে তেওঁ সাক্ষীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি উচ্চ ন্যায়ালয়ে চিছ’ডিয়াক জামিনৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল।

Related News