NORTHEAST NOW (Assamese)

ঘৃণাসূচক বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

March 29, 2023 9:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 29, 2023 1:47 pm

মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে ঘৃণাসূচক বক্তব্যক অগ্ৰাহ্য আৰু বিৰোধিতা কৰাটো দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ বাবে এক মৌলিক প্ৰয়োজন বুলি উল্লেখ কৰিছে।

ঘৃণামূলক বক্তব্যৰ বিৰুদ্ধে আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰাথনাৰ দুজনীয়া বিচাৰপীঠে এই বিষয়টো পৰ্যবেক্ষণ কৰে। বিচাৰপীঠে মৌখিকভাৱে কয় যে, “সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ বাবে ঘৃণামূলক ভাষণক প্ৰত্যাখ্যান কৰাটো মৌলিক প্ৰয়োজনীয়তা।”

উচ্চতম ন্যায়ালয়ে ছলিচিটৰ সঞ্চালক তুষাৰ মেহতাক এজাহাৰ দাখিলৰ ভিত্তিত গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে প্ৰশ্ন কৰে। ন্যায়ালয়ে কয়, ঘৃণামূলক বক্তব্যৰ অভিযোগ কেৱল পঞ্জীয়ন কৰিলেই সমস্যাৰ সমাধান নহয়

উত্তৰত অধিবক্তা তুষাৰ মেহতাই আদালতত কয় যে ঘৃণামূলক বক্তব্যৰ সৈতে জড়িত ১৮খন এজাহাৰ দাখিল কৰা হৈছে। অধিবক্তা মেহতা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজৰ আপত্তি থকাৰ পিছতো ন্যায়ালয়ে বুধবাৰে বিষয়টো শুনানিৰ দিন ধাৰ্য কৰে।

উল্লেখ্য যে, যোৱা বছৰৰ ২১ অক্টোবৰত উচ্চতম ন্যায়ালয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ৰাজ্য চৰকাৰক সংবিধানে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া বুলি উল্লেখ কৰি ঘৃণামূলক বক্তব্যৰ গোচৰত কঠোৰ হ’বলৈ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক বিষয়টোৰ সৈতে জড়িত এজাহাৰ দাখিল হোৱালৈ অপেক্ষা নকৰি অপৰাধীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল

উচ্চতম ন্যায়ালয়ে লগতে সকীয়াই দিছিল যে “অতি গুৰুতৰ বিষয়”টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাত প্ৰশাসনে পলম কৰিলে আদালতৰ অৱজ্ঞাৰ বাবে ন্যায়ালয়লৈ আমন্ত্ৰণ জনোৱা হ’ব।

উল্লেখ্য যে, বিগত বৰ্ষৰ জানুৱাৰী মাহত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ ছাত্ৰছাত্ৰী আৰু অধ্যাপকৰ এটা দলে  দেশত ঘৃণামূলক বক্তব্য আৰু জাতিধৰ্মকেন্দ্ৰিক হিংসাৰ বিৰুদ্ধে মাত মাতিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনাইছিল।

পত্ৰখনত উল্লেখ কৰা হৈছিল যে এই বিষয়সমূহৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মৌনতাই “ঘৃণাৰে ভৰা কণ্ঠক সাহস দিয়ে আৰু আমাৰ দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।”

তাত লিখা আছিল, “সন্মানীয় প্ৰধানমন্ত্ৰী, আপোনাৰ মৌনতাই ঘৃণাৰে ভৰা কণ্ঠক সাহসী কৰি তুলিছে আৰু আমাৰ দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আমি আপোনাক অনুৰোধ জনাইছোঁ, মাননীয় প্ৰধানমন্ত্ৰী, আমাক বিভাজন কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়ক।”

Related News