NORTHEAST NOW (Assamese)

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা : সুশান্তৰ চৰ্চিত প্ৰেমিকা ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে গোচৰ ৰুজু

June 21, 2020 7:20 pm · এন ই নাও নিউজ
Updated: June 21, 2020 7:33 pm

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই সমগ্ৰ বলিউদৰ লগতে দেশত এতিয়াও জোঁকাৰণি তুলি আছে।

সুশান্তৰ আত্মহত্যাৰ বাবে কুন্দন কুমাৰ নামৰ এজন ব্যক্তিয়ে তেওঁৰ প্ৰেমিকা(!) ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে বিহাৰৰ মজফ্ফৰপুৰ জিলা আদালত গোচৰ দাখিল কৰিছে।

সুশান্তক আত্মহত্যাৰ বাবে প্ৰৰোচনা আৰু প্ৰতাৰণা কৰাৰ অভিযোগ তুলি ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে আদালত গোচৰ দিয়া কুন্দনৰ অভিযোগ যে ৰীয়াই সুশান্তক মানসিক আৰু আৰ্থিকভাৱে নিৰ্যাতন কৰিছিল।

শনিবাৰে জিলা আদালতৰ মুখ্য দণ্ডাধীশ মুকেশ কুমাৰৰ ওচৰত গোচৰ দাখিল কৰি কুন্দন কুমাৰে কয়, “ৰীয়া  চক্ৰৱৰ্তীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬(আত্মহ্যতাৰ প্ৰৰোচনা) আৰু ৪২০(প্ৰতাৰণা) ধাৰাত আদালতত গোচৰ দাখিল কৰা হৈছে। চলিত মাহৰ ২৪ তাৰিখে এই গোচৰৰ প্ৰথম শুনানি হ’ব।”

উল্লেখ্য যে, ১৪ জুনত বলিউদৰ উদীয়মান অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল।

সুশান্ত সিং ৰাজপুতে আত্মহত্যাৰ কৰাৰ পিছতে ১৭ জুনত বলিউদৰ চাৰি তাৰকা ক্ৰমে চলমান খান, কৰণ জোহৰ, সঞ্জয় লীলা ভাঞ্চালী আৰু একতা কাপুৰ বিৰুদ্ধেও আইজীৱী সুধীৰ কুমাৰ ওঝাএ এক গোচৰ দাখিল কৰিছিল।

সুশান্তৰ আত্মহ্যতাৰ পিছতে বলিউদত অব্যাহত থকা স্বজনপোষণ আৰু লবীকেন্দ্ৰিকতাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে মুম্বাই আৰক্ষীয়ে সুশান্তৰ আত্মহত্যাৰ সন্দৰ্ভত ৰীয়া চক্ৰৱৰ্তীক কালি ৯ ঘণ্টাজুৰি জেৰা চলাইছিল।

এই জেৰাত ৰীয়াই বহু বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ আগত সুশান্তৰ লগত ৰীয়াৰ সম্পৰ্ক আছিল আৰু চলিত বছৰৰ শেষৰ ফালে দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰো কথা আছিল বুলি স্বীকাৰ কৰিছে ৰীয়াই।

Related News