NORTHEAST NOW (Assamese)

আফিংসহ গুৱাহাটী ৰেইলৱে আৰক্ষীৰ জালত বহিঃৰাজ্যৰ লোক

December 27, 2019 1:29 pm · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

আজি গুৱাহাটী ৰেইলৱে আৰক্ষীৰ এটা দলে পল্টন বজাৰ ষ্টেশ্যনৰ পৰা ৩.৫ কিলোগ্ৰাম ওজনৰ নিষিদ্ধঘোষিত নিচাযুক্ত আফিংসহ এজন বহিঃৰাজ্যৰ লোকক আটক কৰে।

ৰেইলৱে আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে এই নিচাযুক্ত সামগ্ৰীখিনি জব্দ হয়।

নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহৰ অভিযোগত অভিযুক্ত লোকজন সহদেৱ বিষ্ণই বুলি চিনাক্ত কৰা হৈছে। ৪০ বছৰীয়া লোকজনৰ ঘৰ ৰাজস্থানৰ যোধপুৰত বুলি আৰক্ষীয়ে সদৰি কৰিছে।

জানিব পৰা মতে আৰক্ষীৰ দলটোৱে ১৫৯৬০ নম্বৰৰ নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ ৬ নং ডবাৰ পৰা এই নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰে।

আটকাধীন লোকজনে সামগ্ৰীখিনি ডিব্ৰুগড়ৰ পৰা কোচবিহাৰলৈ সৰবৰাহৰ উদ্দেশ্যেৰে আনিছিল বুলি আৰক্ষীৰ প্ৰাৰম্ভিক জেৰাত উল্লেখ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।

Related News