NORTHEAST NOW (Assamese)

অভিনেত্ৰী মনীষা কৈৰালাই ভাৰত-নেপালৰ মাজত টানি আনিলে চীনক; প্ৰত্যুত্তৰ স্বৰাজ কৌশলৰ

May 21, 2020 5:55 pm · এন ই নাও নিউজ
মনীষা কৈৰালা আৰু স্বৰাজ কৌশলৰ ফাইল ফটো। ফটো: হিন্দুস্তানৰ সৌজন্যত।

ভাৰত আৰু নেপালৰ মাজত চলি থকা কালাপানী বিবাদৰ মাজত এইবাৰ সোমাই পৰিছে বলীউদৰ অভিনেত্ৰী মনীষা কৈৰালা।

নেপালৰ নতুন মানচিত্ৰত কালাপানীক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক লৈ সন্তোষ প্ৰকাশ কৰি তেও ইয়াক নেপালৰ আত্মসন্মান বুলি অভিহিত কৰে আৰু চীনৰ প্ৰতি ধন্যবাদসূচক ইংগিত প্ৰকাশ কৰে।

প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ স্বামী স্বৰাজ কৌশলে মনীষা কৈৰালাক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে।

বলীউদত সুদীৰ্ঘ সময় কাম কৰা অভিনেত্ৰী মনীষা কৈৰালা নেপালৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গিৰিজা প্ৰসাদ কৈৰালাৰ নাতিনীয়েক।

মনীষা কৈৰালাই নেপালৰ বিদেশ মন্ত্ৰীৰ এটা টুইটত ৰি-টুইট কৰি লিখিছে,’’আমাৰ সৰু দেশখনৰ আত্মসন্মান অটুট ৰখাৰ বাবে আপোনাক ধন্যবাদ। মই তিনিওখন মহান দেশৰ মাজত শান্তি আৰু সন্মানজনক আলোচনাৰ মাজেৰে সমাধানক লৈ আশাবাদী।‘’

ইপিনে, স্বৰাজ কৌশলে এটাৰ পাছত এটা টুইট কৰি মনীষা কৈৰালাৰ পৰিয়ালৰ সৈতে নিজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি ভাৰত-নেপালৰ মাজত চীনক টানি অনাৰ বাবে সমালোচনা কৰে।

মনীষা কৈৰালাক নিজৰ কন্যাৰ দৰে বুলি উল্লেখ কৰি স্বাৰাজ কৌশলে লিখিছে,’’ভাৰতৰ নেপালৰ ওপৰত কিবা অভিযোগ থাকিব পাৰে বা নেপালৰ ভাৰতৰ সৈতে কিবা জটিল সমস্যা হ’ব পাৰে। এয়া ভাৰত আৰু নেপালৰ মাজত আছে। আপুনি চীনক কেনেকৈ মাজত আনিলে? আমি আমাৰ কাৰণে বেয়া আৰু এয়া নেপালৰ বাবেও ভাল নহয়।‘’

‘’আপুনি যেতিয়া চীনক মাজলৈ টানি আনে তেতিয়া ভাৰতৰ সৈতে হাজাৰ বছৰীয়া সম্পৰ্কক মষিমূৰ কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি নিজেই সাৰ্বভৌমত্ব দেশ হিচাপে নিজৰ স্থিতি দুৰ্বল কৰি তুলিছে,’’-স্বৰাজ কৌশলে কয়।

https://twitter.com/governorswaraj/status/1263185666944512000

স্বৰাজ কৌশলে নেপালত গণতন্ত্ৰ অক্ষুন্ন ৰখাৰ সংগ্ৰামত ভাৰতৰ সহযোগিতাৰ কথা উল্লেখ কৰি কয়,’’ভাৰতীয়সকলে এইটো জনা উচিত যে বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰক নি:শেষ কৰাৰ ষড়যন্ত্ৰ আছিল। তেওঁলোকে মাওবাদীসকলৰ সৈতে হাত মিলাইছে। তেওঁলোকে প্ৰচণ্ড আৰু বাবু ৰাম ভট্টৰায়ক সন্মানিত কৰিছিল। তেওঁলোকে একমাত্ৰ হিন্দুৰাষ্ট্ৰখনক ধ্বংস কৰি দিলে। তেওঁলোকৰ অভিযান সাৰ্থক হৈছে।‘’

তেওঁ লগতে লিখিছে: ‘’ফলাফল এয়ে দেখা গৈছে যে বাঁওপন্থীসকলে ভাৰতৰ বিৰুদ্ধে চীনক ব্যৱহাৰ কৰি আছে। বা চীনে বাঁওপন্থীসকলক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আছে।‘’

Related News