NORTHEAST NOW (Assamese)
অসম

সকলো বিভাগকে ৩০ জুনৰ ভিতৰত সম্পূৰ্ণৰূপে ই-অফিচলৈ পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ কেজৰিৱালৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 8, 2022 9:08 pm
সকলো বিভাগকে ৩০ জুনৰ ভিতৰত সম্পূৰ্ণৰূপে ই-অফিচলৈ পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ কেজৰিৱালৰ

তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰেৰে চৰকাৰী কাম-কাজসমূহ অধিক খৰতকীয়া কৰাৰ গ্ৰহণ কৰিবলৈ ওলাইছে দিল্লীৰ চৰকাৰে৷
অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে সকলো বিভাগকে ৩০ জুনৰ ভিতৰত সম্পূৰ্ণৰূপে ই-অফিচলৈ পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ দিছে৷

ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি ২০ জুনৰ ভিতৰত স্থাপন কৰিব লাগিব। তথ্য প্ৰযুক্তি বিভাগে ৩ জুনত জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি, প্ৰতিটো বিভাগে ই-অফিচত আপলোড কৰাৰ বাবে উন্নত স্কেনাৰ, কম্পিউটাৰ আৰু ইণ্টাৰনেট সংযোগেৰে সজ্জিত এটা কেন্দ্ৰীয় ৰেকৰ্ড গোট স্থাপন কৰিব লাগিব।

বিজ্ঞ্রপ্তি খনত কোৱা হৈছিল “সকলো বিভাগে ২০ জুনৰ ভিতৰত প্ৰয়োজনীয় আন্তঃগাঁথনি স্থাপন কৰাটো নিশ্চিত কৰিব লাগিব, যাতে ই-অফিচ প্ৰকল্পটো সময়মতে আৰম্ভ কৰিব পৰা যায়”৷