NORTHEAST NOW (Assamese)

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

October 2, 2023 10:00 am · এন ই নাও নিউজ, গুৱাহাটী

সনাতন ধৰ্ম সন্দৰ্ভত উদয়নিধি ষ্টেলিনৰ মন্তব্যক লৈ চলি থকা বিতৰ্কৰ মাজতে তামিলনাডু আৰক্ষীয়ে ৰাজ্যখনৰ পৰা ভুৱা সাধু নিৰ্মূলৰ অভিযান আৰম্ভ কৰিছে। ইয়াৰ বাবে সাধুসকলৰ আঙুলিৰ ছাপ পঞ্জীয়ন কৰা হৈছে।

তিৰুৱন্নমলাই জিলাৰ গিৰিভালাম পথত এদল দুস্কৃতিকাৰীয়ে ভক্তক প্ৰতাৰণা কৰি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সাধু বুলি দাবী কৰি তেওঁলোকৰ পৰা ধন দাবী কৰা হৈছে। এই প্ৰৱঞ্চনা ৰোধৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, এই সন্দৰ্ভত কেইবাটাও অভিযোগ পোৱা গৈছে। অভিযোগ অনুসৰি ভুৱা সাধুসকলে ভক্তৰ বাটত বাধাৰ সৃষ্টি কৰে। তেওঁলোকৰ পৰা দান হিচাপে ধন দাবী কৰে।

লগতে পঢ়কঃ Gandhi Jayanti 2023: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

উল্লেখ্য যে বিখ্যাত অৰুণাচলেশ্বৰ মন্দিৰটো তিৰুৱন্নমলাই জিলাত অৱস্থিত। প্ৰতি পূৰ্ণিমাত পূজা দিবলৈ ইয়াত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়।

অৱশ্যে মন্দিৰত উপস্থিত হ’বলৈ ভক্তসকলে আন্নামলাই পাহাৰৰ কাষেৰে প্ৰায় ১৪ কিলোমিটাৰ খোজ কাঢ়িব লগা হয়। এই পথটোক গিৰিভালম পথ বুলি জনা যায়। মন্দিৰ পোৱাৰ আন কোনো বাট নাই। ইয়াৰ সুযোগ লৈ শ শ ভণ্ড সাধুই ভক্তক পথ অৱৰোধ কৰি ভিক্ষা দিবলৈ বাধ্য কৰাইছে।

লগতে পঢ়কঃ মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

ভক্তসকলে প্ৰায়ে অভিযোগ কৰি আহিছে যে এই ভুৱা সাধুসকলে ভিক্ষা বিচাৰি বাট বন্ধ কৰি দিয়াৰ লগতে ইয়াৰ বাবে তেওঁলোকক ভাবুকিও দিছে।

তামিল আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, এই ভাবুকি প্ৰতিহত কৰিবলৈ গিৰিভালাম পথৰ সকলো সাধুৰ পৰা আঙুলিৰ ছাপ আৰু অন্যান্য বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰা হৈছে। পিছলৈ এনে অভিযোগবোৰ তেওঁলোকৰ পটভূমিৰ বিপৰীতে সহজেই পৰীক্ষা কৰিব পৰা যাব। অৰ্থাৎ তেওঁলোক প্ৰকৃততে সাধু, নে সাধুৰ বেশত চয়তান, সেইটো পৰীক্ষা কৰিব পৰা যাব।

লগতে পঢ়কঃ অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

সেইদৰে, ৰাজ্যখনৰ অপৰাধৰ তথ্যকোষৰ সৈতে ক্ৰছ চেক কৰিলেও দেখা যাব যে তেওঁলোক আগতে কোনো অপৰাধৰ সৈতে জড়িত আছিল নে নাই। আৰু সেইবাবেই গিৰিভালাম পথৰ পৰা সাধুসকলক তিৰুৱন্নমলাই পশ্চিম থানালৈ অনা হৈছে আৰু তেওঁলোকৰ আঙুলিৰ ছাপ আৰু অন্যান্য বায়’মেট্ৰিক সবিশেষ সংগ্ৰহ কৰা হৈছে। 

Related News