NORTHEAST NOW (Assamese)

তামিলনাডুৰ প্ৰতিভাৱান স্পীনাৰ এম পি ৰাজেশৰ আকস্মিক বিয়োগ; আশ্বিনৰ শোক প্ৰকাশ

October 6, 2020 7:18 pm · এন ই নাও নিউজ

তামিলনাডু প্ৰিমিয়াৰ লীগৰ প্ৰতিভাৱান স্পীনাৰ এম পি ৰাজেশৰ আজি আকস্মিকভাৱে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।

মৃত্যুৰ সময়ত প্ৰতিভাৱান ক্ৰিকেটাৰ গৰাকীৰ বয়স হৈছিল মাত্ৰ ৩৫ বছৰ।

লেগ স্পীনাৰ গৰাকীয়ে ২০১৮ চনত তামিলনাডু প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে।

প্ৰতিভাৱান স্পীনাৰ গৰাকীৰ আকস্মিক বিয়োগত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনে গভীৰ শোক ব্যক্ত কৰে।

বৰ্তমান য়ু এ ইত আই পি এলত ব্যস্ত থকা আশ্বিনে এম পি ৰাজেশৰ মৃত্যুত শোক ব্যক্ত কৰি টুইট কৰে।

”ৰিপ এম পি ৰাজেশ……..তুমি নোহোৱা বুলি বিশ্বাস কৰাটো কঠিন হৈ পৰিছে। তোমাৰ সৈতে খেলৰ সময়ত কৰা আলোচনাৰ কথা মই কেতিয়াও নাপাহৰো,” ৰবিচন্দ্ৰন আশ্বিনে এইদৰে লিখে।

ৰবিচন্দ্ৰন আশ্বিনৰ উপৰিও এম পি ৰাজেশৰ আকস্মিক মৃত্যুত তামিলনাডু ক্ৰিকেট এছ’চিয়েশ্যনৰ কৰ্মকৰ্তা আৰু খেলুৱৈ সকলে গভীৰ শোক প্ৰকাশ কৰে।

 

Related News