NORTHEAST NOW (Assamese)

অসম-মিজোৰাম সীমান্তত নিহত অসম আৰক্ষীৰ বীৰ জোৱানলৈ তামুলপুৰত আছুৰ শ্ৰদ্ধাঞ্জলি

July 30, 2021 7:02 am · দীপক কুমাৰ পাঠক
ফটো: নৰ্থইষ্ট নাও।

অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষী আৰু দুর্বৃত্তৰ গুলিত নিহত অসম আৰক্ষীৰ জোৱানলৈ তামুলপুৰ আঞ্চলিক ছাত্র সন্থাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বৃহস্পতিবাৰে সন্ধিয়া তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচ’কত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি  অনুষ্ঠানত দুর্বৃত্তৰ গুলিত নিহত আৰক্ষীৰ জোৱানৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি আৰক্ষীৰ বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

সদৌ বাক্সা জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি সোণেশ্বৰ কলিতাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তামুলপুৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া মহেন্দ্ৰ প্ৰসাদ ৰয় আৰু বিৰাজ বৰুৱাইও অংশ গ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰি আৰক্ষীৰ  বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰি সদৌ বাক্সা জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি সোণেশ্বৰ কলিতাই নিহত অসম আৰক্ষীৰ জোৱান সকলক ন্যায় দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

দুর্বৃত্তৰ আক্ৰমণত আহত আৰক্ষীৰ বীৰ জোৱান সকলৰ আশু আৰোগ্য কামনা কৰে সোণেশ্বৰ কলিতাই।

সদৌ বাক্সা জিলা ছাত্র সন্থাৰ ক্ৰীড়া সম্পাদক কুমুদ ডেকাইও বীৰ জোৱান সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক প্ৰাঞ্জল দাসে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ধ্বজেন দাস, প্ৰাক্তন আছু নেতা দমন পাটোৱাৰী, হৰিনাৰায়ণ কলিতা, চক্ৰধৰ তালুকদাৰকে ধৰি কেইবাগৰাকীও ছাত্র নেতা উপস্থিত থকাৰ লগতে তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।

Related News