NORTHEAST NOW (Assamese)
দেশ

মোদীৰ মন্ত্ৰীসভাত কিমানটা মন্ত্ৰীত্ব লাভ কৰিব চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ দলে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 9, 2024 6:56 pm

এনডিটিভিৰ বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাত চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে চাৰিটা মন্ত্ৰীত্ব লাভ কৰাৰ বিপৰীতে জেডিইউয়ে দুটা মন্ত্ৰীত্ব লাভ কৰিব।

প্ৰধানমন্ত্ৰী মোডীৰ নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকা চাৰিজন টিডিপি নেতাৰ ভিতৰত তিনিজন হ’ল ৰাম মোহন নাইডু, হৰিশ বালযোগী, আৰু দগ্গুমল্ল প্ৰসাদ। আনহাতে নীতিশ কুমাৰৰ জনতা দলে মন্ত্ৰী পদৰ বাবে দুজন জ্যেষ্ঠ নেতাৰ প্ৰস্তাৱ দিছে । তেওঁলোক হৈছে লালন সিং আৰু ৰামনাথ ঠাকুৰ।

কালি নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

সূত্ৰ অনুসৰি টিডিপিয়ে অন্ধ্ৰ প্ৰদেশৰ ১৬খন লোকসভাৰ আসন লাভ কৰাৰ পাছত চাৰিটা মন্ত্ৰীত্ব আৰু সংসদৰ অধ্যক্ষ পদৰ বাবে অনুৰোধ জনাইছিল। ১২খন আসন লাভ কৰি জেডি(ইউ)-এ দুটা কেবিনেট মন্ত্ৰীত্ব বিচাৰিছিল।

উল্লেখ্য যে নৰেন্দ্ৰ মোদীয়ে আজি শপত গ্ৰহণ কৰিবলগা অনুষ্ঠানত বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান, মালদ্বীপ, মৰিচাছৰ নেতাকে ধৰি কেইবাখনো চুবুৰীয়া দেশৰ নেতাই অংশগ্ৰহণ কৰিব।