NORTHEAST NOW (Assamese)
অসম

মৃত্যু বাৰ্ষিকীত সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ টীয়ক অগপ, ছাত্ৰ সন্থাৰ

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক January 20, 2022 5:18 pm
Lalit Rajkhowa remembered

সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী, টীয়ক সমষ্টিৰ প্ৰাক্তন বিধায়ক ললিত চন্দ্ৰ ৰাজখোৱাক তেওঁৰ ৩২ সংখ্যক মৃত্যু দিৱসৰ দিনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে টীয়কৰ অগপ আৰু যোৰহাট জিলা ছাত্ৰ সন্থাই ৷

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ টীয়কৰ ভগামুখস্থিত সমাধি স্থলীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত পতাকা উত্তোলন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়।

টীয়ক সমষ্টিৰ বিধায়িকা তথা ৰাজখোৱাৰ সহধৰ্মিনী ৰেণুপমা ৰাজখোৱাই প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক: পুনৰ কাজিৰঙাত গঁড় হত্যা! কহৰাত চোৰাং চিকাৰীয়ে হত্যা কৰি গঁড়ৰ খৰ্গ লৈ উধাও

প্ৰয়াত মন্ত্ৰী গৰাকীৰ পত্নী তথা সমষ্টিটোৰ বিধায়িকা গৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে অগপৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই প্ৰয়াত ৰাজখোৱাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰে।

ইয়াৰ পাছতে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত প্ৰয়াত নেতা গৰাকীৰ আদৰ্শেৰে অনাগত দিনত আগুৱাই যোৱাৰ সংকল্প লয় ৷

ইপিনে যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভগামুখত প্ৰাক্তন ছাত্ৰ নেতাজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, ললিত চন্দ্ৰ ৰাজখোৱাৰ জেষ্ঠ ভাতৃ হৰেণ ৰাজখোৱাকে ধৰি বহুকেইগৰাকী গুণমুগ্ধ ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: পথ দুৰ্ঘটনাত নিহত পিতৃ-মাতৃ, দিক্ বিদিক হেৰুৱাইছে চয়নিকা-তন্ময়ে; ‘মামা’ক সহায়ৰ আহ্বান

উক্ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ মজিয়াৰে পৰা জিলা ছাত্ৰ সন্থা অনাগত দিনত সিংহ যুৱকগৰাকীৰ অমৰ সৃষ্টিৰাজি সজীৱ কৰাৰ মানসৰে এখনি স্মাৰক গ্ৰন্থ আৰু জিলা ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰস্তাৱিত ললিত চন্দ্ৰ ৰাজখোৱাৰ আৱক্ষ মুৰ্তিৰ নিৰ্মাণৰ কাম এটা বছৰত সম্পূৰ্ণ কৰাৰ সংকল্প লোৱা হয়।