NORTHEAST NOW (Assamese)

কাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে হ’ব লগা খেলত প্ৰথমবাৰৰ বাবে গেৰুৱা জাৰ্চি পিন্ধি ফটোৰ বাবে পজ দিলে কোন কোন ভাৰতীয় ক্ৰিকেটাৰে!

June 29, 2019 12:23 pm · এন ই নাও নিউজ
Updated: June 29, 2019 12:25 pm
নতুন জাৰ্চিৰ সৈতে টীম ইণ্ডিয়াৰ খেলুৱৈ সকল। উৎস-ইণ্টাৰনেট

‘আই চি চি বিশ্বকাপ ২০১৯’ৰ কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেলখনত ভাৰতীয় দলটোৱে তেওঁলোকৰ বিকল্প জাৰ্চি পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ হ’ব।

শুকুৰবাৰে আনুষ্ঠানিক ভাৱে মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলী, ৰোহিত শৰ্মা, য়ুবেন্দ্ৰ চাহল, কে এল ৰাহুল, মহম্মদ চামী, জাচপ্ৰীত বুমৰাহ আদিৰ দৰে তাৰকা খেলুৱৈ সকলে নতুন জাৰ্চিটো পৰিধান কৰি ফটোৰ বাবে পজ দিয়ে। বিকল্প জাৰ্চিটো পিছপিনৰ পৰা গেৰুৱা আৰু সন্মুখভাগ নীলা ৰঙেৰে দেখা যাব।

এই সন্দৰ্ভত বিশেষ খৱৰ ৰখা এক সূত্ৰই জানিব দিয়া মতে বেছিভাগ লোকে ভৱাৰ দৰে ই সেই জাৰ্চি নহয়। ই এক প্ৰকাৰ বিকল্প জাৰ্চিহে আৰু এয়া আই চি চিৰ খেলৰ নিয়মৰ আধাৰত প্ৰচলিত।

সূত্ৰটোৱে কয়, ‘’বিভিন্ন মহলে এই জাৰ্চিক লৈ বিভিন্ন মন্তব্য কৰিছে। ইয়াক এতিয়া জাৰ্চি বুলি কোৱা হৈছে যদিও ই সেয়া নহয়। ই এক বিকল্প জাৰ্চিহে যিটো ভাৰতীয় ক্ৰিকেট দলে অহা ৩০ জুনত ইংলেণ্ডৰ সৈতে হ’বলগীয়া খেলখনত পৰিধান কৰিব। আই চি চিৰ নিয়ম অনুসৰি আয়োজক দেশে আই চি চিৰ প্ৰতিযোগিতাৰ খেলত নিজৰ জাৰ্চিৰ ৰং অক্ষুন্ন ৰাখিব লাগে। সেয়েহে, ভাৰতীয় দলৰ জাৰ্চিৰ ৰঙো আয়োজক ইংলেণ্ডৰ দৰে নীলা হোৱাত ভাৰতৰ জাৰ্চিত পৰিৱৰ্তন অনা হ’ল।‘’

শুকুৰবাৰে আই চি চি আৰু বি চি চি আই য়ে টুইটাৰ যোগে ভাৰতীয় দলৰ নতুন জাৰ্চিৰ ফটো ক্ৰিকেট প্ৰেমীসকলৰ বাবে শ্বেয়াৰ কৰে।

Related News