NORTHEAST NOW (Assamese)

দুৰ্দান্ত ফিটনেছ! কোৱাৰেন্টাইনতো কঠোৰ অনুশীলনত ব্যস্ত টীম ইণ্ডিয়াৰ তাৰকা ঋষভ পন্ট

May 28, 2021 10:23 am · এন ই নাও নিউজ
ঋষভ পন্ট।

খেলপথাৰত বহুসময়ত ঋষভ পন্টক তেওঁৰ শাৰীৰিক ফিটনেছৰ দুৰ্দান্ত প্ৰদৰ্শ দাঙি ধৰা দেখা গৈছিল। সেইদৰে অনুশীলনৰ সময়তো টীম ইণ্ডিয়াৰ নতুন চাঞ্চল্য উইকেটকীপাৰ বেটছমেনগৰাকীক অনন্য ৰূপত দেখা যায়।

টীম ইম্ডিয়াই ইংলেণ্ড ভ্ৰমণৰ বাবে যোৱাৰ প্ৰাক মুহূৰ্ততো ঋষভক কঠোৰ অনুশীলনত ব্যস্ত হৈ থকা দেখা গৈছে।

টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজৰ বাবে অহা মাহত টীম ইণ্ডিয়া ৰাওণা হ’ব। সদ্যহতে দলৰ ক্ৰিকেটাৰসকল একেলগে কোৱাৰেন্টাইনত আছে।

হোটেলত বন্দী হৈ থকা ক্ৰিকেটাৰসকলৰ সকলোৱে শাৰীৰিক অনুশীলনত নিজকে ব্যস্ত ৰাখিছে। ছচিয়েল মিডিয়াত তেওঁলোকৰ এই অনুশীলৰ ছবি তথা ভিডিঅ’ পোহৰলৈ আহিছে।

ইপিনে, ঋষভ পন্টেও নিজৰ ফিটনেছ অটুট ৰখাৰ বাবে শৰীৰ চৰ্চাৰ কঠোৰ অনুশীলন চলাই গৈছে। তেওঁৰ এনে এক ভিডিঅ’ খেলুৱৈগৰাকীয়ে ছচিয়েল মিডিয়াত প’ষ্টো কৰিছে। পন্টে ইনষ্টাগ্ৰামত কেপশ্যন লিখিছে যে সন্মুখত যিটো আহিছে তাৰ বাবেই এই প্ৰস্তুতি।

ঋষভৰ ভিডিঅ’টোৱে অনুৰাগীসকলক উৎসাহিত কৰি তুলিছে। শেহতীয়াকৈ টীম ইণ্ডিয়াৰ এইগৰাকী তাৰকা উইকেটকীপাৰ বেটছমেনে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতেই দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে।

ইংলেণ্ডৰ বিৰুদ্ধে অহা ছিৰিজটোত পন্টৰ প্ৰদৰ্শনৰ ওপৰত অৱশ্যেই সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব।

Related News