NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ অভিযান: আবদ্ধ তিনি সন্ত্ৰাসবাদী সদস্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2022 11:41 am
Encounter in Jammu-Kashmir

জম্মু-কাশ্মীৰত বিগত কেইমাহমানৰ পৰা চলি থকা নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ নিৰ্মূল অভিযানৰ অংশ স্বৰূপে আজি পুৱতি দিনা উপত্যকাটোৰ বুদগাম জিলাত আন এক সংঘৰ্ষ সংঘটিত হৈছে।

কুখ্যাত সন্ত্ৰাসবাদী লটিফ ৰাথাৰকে ধৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ তিনিজন সন্ত্ৰাসবাদী সদস্য সংঘৰ্ষস্থলীত আৱদ্ধ হৈ আছে বুলি কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিছে।

কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে।

তেওঁ লগতে জানিবলৈ দিয়া মতে সন্ত্ৰাসবাদী লটিফ ৰাথাৰ ৰাহুল ভাট আৰু অমৰিন ভাটকে ধৰি কেইবাজনো নাগৰিকৰ হত্যাকাণ্ডত জড়িত আছিল।

সংঘৰ্ষত এতিয়ালৈকে কোনো নিৰাপত্তাৰক্ষী তথা সন্ত্ৰাসবাদী সদস্য হতাহত হোৱাৰ খবৰ প্ৰকাশ পোৱা নাই।

জানিব পৰা মতে বৰ্তমানলৈকে উভয়পক্ষৰ মাজত গুলীবৰ্ষণ অব্যাহত আছে।