NORTHEAST NOW (Assamese)

পাকিস্তানৰ সৈতে সম্পৰ্ক, সন্দেহজনক ধন হস্তান্তৰৰ অভিযোগত গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা

December 13, 2025 10:21 am · এন ই নাও নিউজ, গুৱাহাটী

মহিলাগৰাকীৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে। তেওঁৰ একাউণ্টত অহা টকাবোৰো সন্দেহজনক। মহিলাগৰাকীয়ে ব্যাখ্যা দিব পৰা নাই যে কিয় তেওঁৰ বেংক একাউণ্টত বৃহৎ পৰিমাণৰ ধন আহিছে। এই অভিযোগত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি শোণিতপুৰ জিলাৰ পৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত মহিলাগৰাকীৰ নাম জ্যোতিকা কলিতা।

তেজপুৰৰ বাসিন্দা মহিলাগৰাকীয়ে ডুবাইত পাকিস্তানী নাগৰিকক গোপনে বিয়া কৰাইছিল বুলিও অভিযোগ উত্থাপন হৈছে।

আৰ্থিক লেনদেনৰ সৈতে জড়িত এজাহাৰৰ ভিত্তিত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে। সন্দেহজনক বিদেশী আৰ্থিক লেনদেন উদ্ধাৰ হোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে জনোৱা মতে, মহিলাগৰাকীৰ এজন ভাতৃসহ চাৰিজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, শেহতীয়াকৈ জ্যোতিকা ডুবাইৰ পৰা উভতি আহিছে। ইয়াৰ পিছতে ৫ ডিচেম্বৰত গ্ৰেপ্তাৰ হয় জ্যোতিকাক। আদালতে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

আৰক্ষীয়ে জনাইছে যে বিদেশী উৎসৰ সৈতে জড়িত থকাৰ সন্দেহত ধন সৰবৰাহৰ বাবে তেওঁৰ বিৰুদ্ধে তদন্ত চলি আছে।

তেজপুৰৰ বৰঝাৰ গাঁৱৰ এটা পৰিয়ালৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধন জমা হোৱাৰ তথ্য পোৱাৰ পিছতে বিষয়টোৰ তদন্ত আৰম্ভ হয়। জ্যোতিকাক জেলৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়াৰ বিপৰীতে আন তিনিজনক ন্যায়িক জিম্মাত ৰখা হৈছে। বৃহস্পতিবাৰে তেজপুৰৰ আদালতে জ্যোতিকাকো ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

আৰক্ষীয়ে দাবী কৰিছে যে মহিলাগৰাকীয়ে ব্যৱসায়িক উদ্দেশ্যত প্ৰায়েই ডুবাইলৈ গৈছিল। তাতেই ২৫ ফেব্ৰুৱাৰীত এগৰাকী পাকিস্তানী নাগৰিকৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

আৰক্ষীয়ে এই কথাও জানিব পাৰিছে যে মহিলাগৰাকীয়ে গোপন একাউণ্টৰ নেটৱৰ্কৰ জৰিয়তে অবৈধভাৱে বিপুল পৰিমাণৰ ধন ট্ৰেন্সফাৰ কৰিছিল। মৰিচাছ, নেপাল, বাংলাদেশৰ দৰে কেইবাখনো দেশত অনলাইন প্ৰৱঞ্চনাৰ সৈতেও তেওঁ জড়িত বুলি অভিযোগ উঠিছে।

মহিলাগৰাকীৰ নামত কমেও ১৭টা বেংক একাউণ্ট আছে। তেওঁৰ পৰা ৪৪খন এটিএম কাৰ্ডৰ উপৰিও জব্দ কৰিছে কেইবাখনো চেকবুক। মহিলাগৰাকীৰ কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে কোনো সম্পৰ্ক আছে নেকি সেই বিষয়েও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related News