NORTHEAST NOW (Assamese)

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচন: মেৰবিল নাহৰকটীয়া সমষ্টি জাতীয় পৰিষদক এৰি দিলে কংগ্ৰেছে

December 30, 2021 5:53 pm · এন ই নাও নিউজ, গুৱাহাটী

অহা ২০ জানুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতাৰে অৱতীৰ্ণ হ’ব।

সেই সূত্ৰে নিৰ্বাচনত এখন আসন জাতীয় পৰিষদক এৰি দিছে কংগ্ৰেছে। আজি প্ৰকাশ কৰা এক দলীয় বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছে এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে মুঠ ২২ জনীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে কালি ২১ জনীয়া পাৰ্থীত্বৰ তালিকা ঘোষণা কৰিছিল।

ইয়াৰ পিছতে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটী আৰু নাহৰকটীয়া ব্লক কংগ্ৰেছ কমিটীৰ পৰামৰ্শৰ ভিত্তিত প্ৰদেশ কংগ্ৰেছে মেৰবিল নাহৰকটীয়া সমষ্টিৰ আসনখন অসম জাতীয় পৰিষদক এৰি দিয়ে।

Related News