NORTHEAST NOW (Assamese)
অসম

বৃহৎ কোম্পানী আৰু বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত অসমত আৰম্ভ কৰা তৈল খেজুৰৰ খেতিৰ বিৰোধিতা আপৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2023 11:00 am

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ বৃহৎ কোম্পানীয়ে অসমৰ পথাৰত আৰম্ভ কৰা তৈল খেজুৰৰ খেতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে।

এক প্ৰেছ বিজ্ঞপ্তি যোগে দলৰ সভাপতি ডা৹ ভবেন চৌধুৰীয়ে এই খেতিৰ পৰা পাৰিপাৰ্শ্বিকতাত পৰিব পৰা কুপ্ৰভাৱ সন্দৰ্ভত সন্দেহ ব্যক্ত কৰি কয় যে যি সময়ত বিশ্বত ব্যৱহৃত পাম অইলৰ সৰ্বাধিক চাহিদা পূৰণ কৰা ইণ্ডোনেছিয়াত এই খেতি নিষিদ্ধ কৰিছে, ইউৰোপীয় দেশসমূহে এই খেতি নিষিদ্ধ কৰিছে, তেনে সময়ত ভাৰত চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত এই খেতি কৰাৰ বাবে অনুমোদন জনাইছে।

উদ্ভিদ বিজ্ঞানীসকল উদ্ধৃতি দি তেওঁ কয় যে এজোপা তৈল খেজুৰ গছক দৈনিক ৩০০ লিটাৰ পৰ্যন্ত পানীৰ প্ৰয়োজন হয়। ফলত এই খেতিয়ে ভূগৰ্ভস্থ পানী শুহি লৈ সমগ্ৰ অঞ্চলটো খৰাং কৰি তোলে। যি পৰিৱেশত আন কোনো গছ বা খেতিৰ বাবে অঞ্চলটো অনুপযোগী হৈ পৰে।

বিজেপিয়ে এতিয়াও অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ঔপনিবেশিক দৃষ্টিৰে চায় বাবেই তৈল খেজুৰৰ পাৰিপাৰ্শ্বিকতাত কুপ্ৰভাৱ থকাৰ পাছতো এই খেতি এই অঞ্চলত কৰিবলৈ অনুমোদন দিছে নেকি বুলি প্ৰশ্ন কৰে আম আদমি পাৰ্টীয়ে। দেশৰ অন্য ৰাজ্যত এই খেতি কিয় কৰোৱা হোৱা নাই?

উল্লেখ্য যে অসমৰ ১৭ খন জিলাত তৈল খেজুৰৰ খেতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক অভিলাষী আঁচনি যুগুত কৰি কৃষকক উৎসাহিত কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ অন্তৰ্গত শদিয়াত কালি পতঞ্জলি কোম্পানীয়ে এই খেতিৰ শুভাৰম্ভ কৰে। কিন্তু প্ৰশ্ন হৈছে, বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে যদি এই খেতিয়ে পাৰিপাৰ্শ্বিকতাত কুপ্ৰভাৱ পেলায়, তেন্তে এই বিষয়ত বিজেপি চৰকাৰাৰ মৌনতা অসমৰ জনতাৰ বাবে অতি উদ্বেগজনক। বিষয়টো স্পষ্ট কৰি জনতাৰ শংকা দূৰ কৰিবলৈ চৰকাৰক দাবী জনায় আম আদমি পাৰ্টীয়ে।

লগতে পঢ়কঃ পৰেশ বৰুৱাই অসমলৈ আহি এসপ্তাহ থাকি যাওঁক – হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়কঃ নগাৰ কবলৰ পৰা উদ্ধাৰ মেৰাপানীৰ অপহৃত যুৱক বাবু গগৈ

লগতে পঢ়কঃ ‘সম্পৰ্ক বুজিবলৈ ১৭ বছৰেই যথেষ্ট’, যুৱকক POCSO ৰ পৰা ৰেহাই দিলে উচ্চ ন্যায়ালয়ে