NORTHEAST NOW (Assamese)

নলবাৰীত জাতীয় সংগঠনৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰিলে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে

October 29, 2025 8:38 am · এন ই নাও নিউজ, গুৱাহাটী

নলবাৰীত বীৰ লাচিত সেনাৰ লগত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সংঘাত তীব্ৰতৰ হৈ উঠিছে। নলবাৰীৰ হাটখোলাস্থিত বীৰ লাচিত সেনাৰ জিলা কাৰ্যালয়ত মঙলবাৰে এক উত্তেজনাৰ সৃষ্টি হয়, য’ত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মীসকলে কাৰ্যালয়টো লণ্ডভণ্ড কৰে।

ঘটনাটোৰ সূত্ৰপাত হৈছিল বীৰ লাচিত সেনাৰ সদস্য পাপু অসমে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়ন তালুকদাৰক ফোনযোগে ভাবুকি দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি। বিশ্ব হিন্দু পৰিষদৰ নেতা এজনে সামাজিক মাধ্যমত এই বিষয়ে জনোৱাৰ পিছতে বীৰ লাচিত সেনাৰ নেতাজনে ভাবুকি দিয়া বুলি বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মীসকলে দাবী কৰিছে।

এই অভিযোগৰ পিছতে, মঙলবাৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ বহু নেতা-কৰ্মীয়ে বীৰ লাচিত সেনাৰ উক্ত নেতাজনক বিচাৰি তেওঁলোকৰ নলবাৰীৰ জিলা কাৰ্যালয়ত উপস্থিত হয়। কাৰ্যালয়ত কাকো নাপাই, উত্তেজিত কৰ্মীসকলে কাৰ্যালয়টো লণ্ডভণ্ড কৰে, বেনাৰ-পোষ্টাৰ ফালি-চিৰি পেলায়। ইয়াৰ ফলত জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ এজন নেতাই সংবাদ মাধ্যমৰ আগত জনোৱা মতে, তেওঁলোকে লাচিত সেনাৰ কাৰ্যকলাপত আগতে হস্তক্ষেপ কৰা নাছিল। কিন্তু তেওঁলোকে অভিযোগ কৰে যে লাচিত সেনাৰ এই তথাকথিত নেতাজনে তেওঁলোকৰ সংযোজক নয়ন তালুকদাৰক ফোনযোগে ‘ধমকি’ দিয়াৰ বাবেই এই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। তেওঁলোকে বীৰ লাচিত সেনাক মুকলিকৈ সন্মুখলৈ আহি কথা পাতিবলৈ প্ৰত্যাহ্বান জনায়।

এই সংঘাতক লৈ নলবাৰীৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে।

Related News