NORTHEAST NOW (Assamese)

কাৰ্যতঃ সাক্ষী গোপাল হ’ল স্মাৰ্ট ফোন! : অৰ্ধসামৰিক বাহিনীত নিষিদ্ধ ফেইচবুকসহ ৮৯ টা এপ

July 15, 2020 2:57 pm · এন ই নাও নিউজ
Updated: July 15, 2020 3:01 pm

ভাৰতীয় সেনা বাহনীৰ পিছত এইবাৰ দেশৰ আটাইবোৰ অৰ্ধসামৰিক বাহিনীতে ফেইচবুকসহ ৮৯ টা এপ নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত লোৱা হৈছে এই সিদ্ধান্ত।

মঙলবাৰে গৃহ মন্ত্ৰালয়ৰ এক পত্ৰত কোৱা হৈছে যে অৰ্ধসামৰিক বাহিনীৰ কৰ্মীসকলে আৰু ফেইচবুক ব্যৱহাৰ কৰিব নোৱাৰিব।

ফেইচবুকৰ লগতে বিদেশী এপসমূহ ব্যৱহাৰ কৰাৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কীষণ ৰেড্ডীৰ নিৰ্দেশ মৰ্মে এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

মঙলবাৰে CRPF, BSF, CISF, ITBP আৰু NSGৰ শীৰ্ষ বিষয়ালৈ গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশ সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে।

অৰ্ধসামৰিক বাহিনীৰ পৰা অৱসৰ লাভ কৰা লোকসকলেও ব্যৱহাৰ কৰিব নোৱাৰিব ফেইচবুক।

গৃহ মন্ত্ৰালয়ৰ মতে যিহেতু অৱসৰপ্ৰাপ্ত লোকসকলো বাহিনীৰ কামকাজ সম্পৰ্কে অৱগত সেয়ে তেওঁলোকে ফেইচবুক আৰু বিদেশী এপসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব।

দেশৰ নিৰাপত্তা খাতিৰত আৰু জোৱানসকলক হানি ট্ৰেপিঙৰ লগতে অনলাইন তথ্য চুৰি পৰা ৰক্ষা কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৮৯ বিদেশী এপ ভাৰতীয় সেনাবাহিনীৰ বাবে নিষিদ্ধ কৰা হৈছিল।

Facebook, Instagram, Snapchat, WeChat, Hike, TikTok, True Caller, PUBG, Likee, Tinder, songs.pk আদিৰ দৰে বহুল প্ৰচাৰিত এপবোৰৰ লগতে ই-কৰ্মাছ আদিও নিষিদ্ধ কৰা হৈছে।

Related News