NORTHEAST NOW (Assamese)

মাধৱদেৱে নিজ হাতে ৰোৱা বট বৃক্ষৰ তলত ৫৭৩ গছি বন্তি জ্বলাই উদযাপন গুৰুজনাৰ জন্মজয়ন্তী

October 16, 2021 6:44 am · নিৰ্মলেন্দু পাঠক ,টীয়ক
ফটো: নৰ্থইষ্ট নাও।

অসমীয়া জাতি প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয়। ৰাজ্যৰ প্ৰতিটো নামঘৰ, সত্ৰসমূহত মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰাজি হৰিনামেৰে মুখৰিত হৈ পৰে।

টীয়কতো মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো দিনযোৰা কাৰ্যসূচীৰে যুগদ্ৰষ্টা গুৰুজনাৰ জন্মজয়ন্তী উদযাপন কৰা হয়।

দিনৰ বিভিন্ন কাৰ্যসূচীৰ পৰিসমাপ্তিৰ পাছত সন্ধিয়া নামঘৰ প্ৰাংগণত থকা ১৪৫০ শকত মাধৱ গুৰুজনাই নিজ হাতে ৰোৱা বট বৃক্ষৰ তলত ৫৭৩ গছি বন্তি প্ৰজ্বলন কৰি মহাপুৰুষজনালৈ ব্যতিক্ৰমী ৰূপত সেৱা আগবঢ়োৱা হয়।

সন্ধিয়া নামঘৰ পৰিচালনা সমিতি তথা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে এইদৰে বন্তি জ্বলাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত এক সম্প্ৰীতিৰ  আদৰ্শ দাঙি ধৰাৰ লগতে নিজৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ চেষ্টা কৰিছে।

উল্লেখযোগ্য যে এই পবিত্ৰ অনুষ্ঠানৰ পৰাই অসমত বাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ ঘৰত একোখনকৈ মহাপুৰুষৰ চিত্ৰ ৰাখি নিজকে গৌৰৱে অসমীয়া বুলি পৰিচয় দিবলৈ লগতে অসম চৰকাৰে গুৰুদুজনাৰ তিথিত বন্ধ ঘোষণাৰ পৰিবৰ্তে উদযাপন কৰাৰ যি সিদ্ধান্ত লৈছে এয়া অতি আদৰণীয় বুলি অভিহিত কৰিছে উদ্যোক্তামণ্ডলীয়ে। 

Related News