NORTHEAST NOW (Assamese)

লাডাখৰ বিজেপি সাংসদে ক’লে : ‘হয়, লাডাখত ভাৰতৰ ভূমি চীনে দখল কৰিছে।’

June 10, 2020 3:13 pm · এন ই নাও নিউজ
Updated: June 13, 2020 5:13 pm

লাডাখৰ চীন-ভাৰত সীমান্তকলৈ শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে লাডাখৰ বিজেপি সাংসদগৰাকীয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে লাডাখৰ বাস্তৱ ছবি লুকুৱাই ৰাখিছে বুলি নিৰন্তৰ অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

কিন্তু ৰাহুল গান্ধীৰ প্ৰশ্ন তথা অভিযোগ সম্পৰ্কে দুই কেন্দ্ৰীয় মন্ত্ৰীয়ে কৌশলী স্থিতি গ্ৰহণ কৰাৰ সময়তে লাডাখৰ বিজেপি সাংসদ জেমিয়াং ছেৰিং নামগ্যেল এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে।

নিজৰ টুইটাৰ একাউন্টত টুইটত কৰি তেওঁ জনাইছে যে লাডাখৰ ভাৰতৰ ভূমি চীনে দখল কৰিছে।

নামগ্যেলে টুইটত লিখিছে, ‘হয়, চীনে ভাৰতৰ ভূমি দখল কৰিছে।’

কিন্তু চীনে ভাৰতৰ ভূমি দখল কৰাকলৈ বিজেপি সাংসদগৰাকীয়ে কংগ্ৰেছকে জগৰীয়া কৰে।

নিজস্ব বাক চাতুৰ্যতাৰে সাংসদত উজলি উঠা নবীন বিজেপি সাংসদগৰাকীয়ে টুইটাৰত আৰু লিখিছে, ‘আশা কৰো, বাস্তৱ ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি দিয়া উত্তৰত ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেতৃত্ব সন্তুষ্ট হ’ব আৰু বিভ্ৰান্ত কৰাৰ চেষ্টা নকৰিব।’

অতীতত লাডাখৰ কোন কোন এলেকা চীনে দখল কৰিছিল তাৰ এখন তালিকা দি কংগ্ৰেছ আৰু পূৰ্বৰ ইউ পি এ চৰকাৰৰ ভূমিকাক সমালোচনা কৰি সাংসদ নামগ্যেলে আৰু লিখিছে, ‘ৰাহুল গান্ধী, চীনে কি ভাৰতৰ ভূখণ্ড দখল কৰিছে?’

‘হয় নিম্মোল্লেখিত ভাৰতৰ এলেকাসমূহ চীনে দখল কৰিছে।’

তেওঁ উল্লেখ কৰিছে যে, ‘কংগ্ৰেছৰ দিনত ১৯৬২ চনত আক্সাই চীনে দখল কৰিছে।

ইউ পি এ চৰকাৰৰ সময়ত ২০০৮ চনত টিয়া পাংনাক আৰু চাবজি উপত্যকা চীনে দখল কৰিলে।

২০০৮ চনত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিয়ে ডেমজাক অঞ্চলৰ জোৰাৱাৰ দুৰ্গ ভাঙিছিল। ইয়াৰ পিছত ২০১২ত তাতেই নজৰদাৰ পইণ্ট সৃষ্টি কৰিলে চীনে। তাত চীনে ১২ টা পকী গৃহ নিৰ্মাণ কৰি তাৰ নাম দিছিল নিউ ডেমজাক। এই সকলোবোৰ ঘটিছিল ইউ পি এ চৰকাৰৰ শাসনকালত।

আকৌ ২০০৮-০৯ চনত ইউ পি এ চৰকাৰৰ দিনতে ডুঙ্গি ও জেমজোকৰ মাজৰ প্ৰাচীন বণিজ কেন্দ্ৰ ‘ডুম চেল’ ভাৰতে হেৰুৱাইছিল চীনৰ হাতত।’

এই ইতিহাসভিত্তিক তথ্যৰ লগতে সাংসদ নামগ্যেলে এখন মেপো শ্বেয়াৰ কৰিছে।

লাডাখৰ বিজেপি সাংসদ জেমিয়াং ছেৰিং নামগ্যেলৰ এই তথ্যভিত্তিক আক্ৰমণক কংগ্ৰেছ দল তথা ৰাহুল গান্ধীয়ে কেনেকৈ প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষণীয় হ’ব।

উল্লেখ্য যে, মে’ মাহৰ প্ৰথমটো সপ্তাহৰ পৰাই লাডাখৰ ভাৰত-চীন সীমান্তত উত্তেজনা বৃদ্ধি পাই আহিছে।

যাৰফলত দুই দেশে সীমান্ত সৈন্যবাহিনী মোতায়েন কৰে।

Related News