NORTHEAST NOW (Assamese)

বিজেপিৰ ন্যায় যাত্ৰাই প্ৰমাণ কৰিলে যে তদন্তত চৰকাৰ ব্যৰ্থ — আম আদমী পাৰ্টি ‎

October 22, 2025 3:28 pm · এন ই নাও নিউজ, গুৱাহাটী

বিৰোধী দলবোৰতকৈ একোপ চৰা হৈ শাসকীয় দল বিজেপিয়ে কাইলৈৰ পৰা জিলাই জিলাই আহ্বান জনোৱা ন্যায় যাত্ৰাশীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কত আম আদমি পাৰ্টী, অসম (আপ) য়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াই কয়, বিজেপি ৰ ন্যায় যাত্ৰাই প্ৰমাণ কৰি দিলে যে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য সম্পৰ্কত এছ আই টি আৰু চি আই ডি য়ে কৰি থকা তদন্তত শাসকীয় দল সুখী নহয় ৷

আপৰ সাধাৰণ সম্পাদকজনে কয়, এই তদন্তত চৰকাৰ ব্যৰ্থ হোৱা বাবেই শাসকীয় দল ৰাজপথত নামিছে ৷

আম আদমি পাৰ্টী, অসমৰ স্থিতি পুনৰ স্পষ্ট কৰি দি আপৰ নেতা ৰাজীব শইকীয়াৰ স্পষ্ট মন্তব্য প্ৰাণৰ শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যু তদন্ত নিখুঁত আৰু নিৰপেক্ষ হবই লাগিব ৷ ছিংগাপুৰলৈ এছ আই টি ৰ দল গলেই নহ, ছিংগাপুৰত সমগ্ৰ ঘটনাৰ তন্ন তন্ন অনুসন্ধান হব লাগিব।

নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ইয়ত পাৰ্টীত জড়িত সকলো তদন্তৰ আওতালৈ আহিলেহে নিখুঁত আৰু নিৰপেক্ষ তদন্ত আশা কৰিব পৰা যায় বুলি মত প্ৰকাশ কৰি আপ ৰ নেতাজনে কয়, ইয়াৰ অন্যথা ৰাইজ আস্বস্ত হব নোৱাৰে ৷ ছিংগাপুৰত বিভিন্ন সময়ত তোলা ফটো আৰু ভিডিঅবোৰ অনুসন্ধানকাৰী দলে আনকাটপাবলৈ সক্ষম হলেহে তদন্ত নিখুঁত হব বুলি আপৰ নেতাজনে মত প্ৰকাশ কৰিছে ৷

তেখেতে কয় যে ভিডিঅবোৰ কাট কোট কৰি সামাজিক আৰু সংবাদ মাধ্যমত এৰি দিয়া হল ৷ এই কাম কোনে কৰিলে ? শিল্পীজনাৰ শেষ সময়ৰ ভিডিঅটো কত হেৰাল ?  — এই সকলোবোৰ তদন্তৰ বিষয় বুলি উল্লেখ কৰি তেখেতে কয়, এই বিষয়বোৰ তদন্তলৈ আহিলেহে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হব  ৷

তেখেতে অভিযোগ কৰি কয় যে আমি জুবিন দাক লৈ ৰাজনীতি নকৰোঁ, কিন্তু বিজেপিয়ে জুবিন দাক লৈ ৰাজনীতি কৰিছে ৷ তেওঁলোকৰ ন্যায় যাত্ৰাইয়াৰ জ্বলন্ত প্ৰমাণ।

Related News