NORTHEAST NOW (Assamese)

অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ জ্যোতিনগৰত নলাত উটি যোৱা কণমানি অবিনাশৰ মৃতদেহ

July 7, 2024 10:55 am · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত উদ্ধাৰ হ’ল গুৱাহাটী মহানগৰীৰ জ্যোতিনগৰত নলাত উটি যোৱা শিশু অবিনাশ সৰকাৰৰ মৃতদেহ। ৰাজগড়ৰ ৬ নং উপপথৰ এটা নলাত উদ্ধাৰ হৈছে কণমানি অবিনাশৰ মৃতদেহ। বৃহস্পতিবাৰৰ নিশা নলাত উটি যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল কণমানি অবিনাশ সৰকাৰ।

দেওবাৰে পুৱা মহানগৰীৰ ৰাজগড়ৰ নলাত উদ্ধাৰ হৈছিল এটি অৰ্ধগলিত মৃতদেহ। এছ ডি আৰ এফ, এন ডি আৰ এফৰ অভিযানকাৰীৰ দলে এই অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰে। ৰাজগড়ৰ ৬ নং উপপথৰ নলাত উদ্ধাৰ হোৱা অৰ্ধগলিত মৃতদেহটোৰ পিন্ধনত আছিল হাফপেণ্ট আৰু টি-চাৰ্ট।

উদ্ধাৰ হোৱাৰ পিছত মৃতদেহটো গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। উদ্ধাৰ কৰা মৃতদেহটো কণমানি অবিনাশ সৰকাৰৰ হয় নে নহয় প্ৰথম অৱস্থাত সেয়া ঠাৱৰ কৰিব পৰা হোৱা নাছিল। পিছত জিএমচিএইচৰ মৰ্গত অবিনাশৰ পিতৃ-মাতৃয়ে চিনাক্ত কৰে মৃতদেহটো।

উল্লেখ্য যে বৃহস্পতিবাৰৰ নিশাৰে পৰা গুৱাহাটীৰ বামুণীমৈদামৰ নলাত উটি গৈ সন্ধানহীন হৈ আছিল অবিনাশ সৰকাৰ নামৰ ৮ বছৰীয়া কণমানি শিশুটো। পৰিয়াল তথা মহানগৰবাসীৰ প্ৰবল উৎকণ্ঠা তথা উদ্বেগৰ মাজতে প্ৰায় তিনিদিন ধৰি চলা অভিযানৰ পিছত অৱশেষত উদ্ধাৰ হ’ল অবিনাশৰ মৃতদেহ। 

Related News