NORTHEAST NOW (Assamese)

 ১৭ মাৰ্চতে APSC আৰু SLET দুয়োটা পৰীক্ষা : পৰীক্ষাৰ দিন সলনি কৰাৰ দাবী ডি ৱাই এফ আই-ৰ 

February 20, 2024 8:37 pm ·
Updated: February 20, 2024 7:39 pm

এ পি এছ চি আৰু SLET, দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা একেদিনাই অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্ত বাতিল কৰি পৃথক পৃথক তাৰিখত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে আহ্বান জনাইছে। 

যোৱা ১৬ ফেব্ৰুৱাৰী তাৰিখে অসম লোকসেৱা আয়োগে প্ৰকাশ কৰা জাননী অনুসৰি লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষা  ১৭ মাৰ্চ তাৰিখে ৩২ খন জিলাত অহা অনুষ্ঠিত হ’ব। একেদৰে SLET আয়োগে ২১ নৱেম্বৰ তাৰিখে প্ৰকাশ কৰা  জাননী অনুসৰি অহা ১৭ মাৰ্চ ৰবিবাৰে সৰ্বমুঠ ২৯ টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব। 

এ পি এছ চি আৰু SLET ৰ দৰে দুটা অতি গুৰুত্বপূৰ্ণ পৰীক্ষা একেদিনাই অনুষ্ঠিত কৰিবলৈ ওলোৱা ঘোষণা স্বাভাৱিকতে পৰীক্ষাৰ্থীসকলক সমস্যাত পেলাইছে। এই দুয়োটা পৰীক্ষাৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে আবেদন জনাই প্ৰস্তুতি চলাই আছে। 

ৰাজ্যৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগে একেদিনাই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলোৱা কথাটোৱে অসম চৰকাৰৰ বিভাগসমূহৰ সমন্বয়হীনতাৰ কথাকে পুনৰ প্ৰমাণ কৰিছে। 

ডি ৱাই এফ আইয়ে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰি পৃথক তাৰিখত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে বিষয়টোৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

Related News