NORTHEAST NOW (Assamese)

সুখৰ দিনৰ পৰিসমাপ্তি ? আৰ পি এফ, জি আৰ পিৰ জোৱানসকলেও ল’ব লাগিব ৰেলৰ টিকট

August 7, 2024 5:09 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ ৰে’লৱেই কয় যে কেৱল ৰে’লৱে পৰিচয় পত্ৰ লৈ ৰে’লত উঠাটো প্ৰয়োজনীয় নহয়। বৈধ টিকটো ক্ৰয় কৰিব লাগিব। ৰে’ল ন্যায়াধিকৰণৰ আহমেদাবাদ বিচাৰপীঠে শেহতীয়া গোচৰৰ শুনানিত এই ৰায় দিয়ে।

ৰে’ল ন্যায়াধিকৰণৰ দ্বাৰা ক্লিয়াৰ কৰা আৰ পি এফ, জি আৰ পিৰ জোৱানে কৰ্তব্যত যোৱাৰ সময়ত ৰে’লৰ টিকট ক্ৰয় কৰিব লাগিব।

ৰে’লৱেৰ হঠাৎ ক্ৰিয়া কিয়?
ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ২০১৯ চনৰ ১৩ নৱেম্বৰত কৰ্তব্যৰত অৱস্থাত এজন আৰ পি এফ কৰ্মী ৰে’ল দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাটোত তেওঁৰ বাওঁ ভৰিৰ এটা অংশ কাটি পেলোৱা হয়। সেই ঘটনাত ৰে’ল শ্ৰমিকজনে ৰে’লৱেৰ বিৰুদ্ধে ৮ লাখ টকাৰ ক্ষতিপূৰণৰ বাবে গোচৰ ৰুজু কৰিছিল।

গোচৰটোৰ তদন্তৰ অন্তত ৰে’ল আৰক্ষীয়ে গম পালে যে সংশ্লিষ্ট ৰে’লৱে কৰ্মীজনৰ হাতত বৈধ ৰে’ল টিকট নাই। কেৱল পৰিচয় পত্ৰ লৈ তেওঁ ৰেলত উঠিল।

সেই গোচৰত ৰে’ল ন্যায়াধিকৰণে সংশ্লিষ্ট ৰে’লৱে কৰ্মীৰ আবেদন নাকচ কৰি কয় যে বৈধ টিকট অবিহনে কাকো বৈধ ৰে’ল যাত্ৰী হিচাপে গণ্য কৰিব নোৱাৰি। গতিকে সংশ্লিষ্ট আৰ পি এফ জোৱানৰ আবেদন নাকচ কৰা হৈছে। একে সময়তে ন্যায়াধিকৰণে এই কথাও জনাইছে যে কেৱল পৰিচয় পত্ৰ দেখুৱাই ৰে’লত উঠিব নোৱাৰিব। এতিয়াৰ পৰা জি আৰ পি আৰ পি এফৰ কৰ্মচাৰীয়েও ৰেল যাত্ৰীৰ দৰে টিকট কিনিব লাগিব।

Related News