NORTHEAST NOW (Assamese)
Uncategorized

সাধ্যৰ বাহিৰত এম্বুলেন্সৰ ভাড়া : গাড়ীৰ ওপৰত বান্ধি পুত্ৰৰ মৃতদেহ লৈ গ’ল পিতৃয়ে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 8, 2024 6:45 pm
সাধ্যৰ বাহিৰত এম্বুলেন্সৰ ভাড়া : গাড়ীৰ ওপৰত বান্ধি পুত্ৰৰ মৃতদেহ লৈ গ’ল পিতৃয়ে

উত্তৰাখণ্ডৰ পিথোৰাগড়ত দেখা গ’ল এনে এক দৃশ্য। মৃত পুত্ৰৰ দেহ গাড়ীৰ ওপৰত বান্ধি নিয়া দেখা গ’ল এজন পিতৃয়ে।

পিথোৰাগড় অঞ্চলত ঘৰতে এজন যুৱকে আত্মহত্যা কৰিছিল। তেওঁৰ মৃতদেহ চিকিৎসালয়লৈ নিবলৈ পৰিয়ালৰ লোকে এম্বুলেন্স মাতিছিল। কিন্তু এম্বুলেঞ্চৰ ভাড়াৰ বাবে ১০-১২ হাজাৰ টকা বিচৰা হয়।

দুখীয়া পৰিয়ালটোৱে সেই ধন দিব পৰা নাছিল। অভিযোগ অনুসৰি, স্থানীয় লোকে যুৱকজনৰ মৃতদেহ এখন গাড়ীৰ ওপৰত বান্ধি পিথোৰাগড় চিকিৎসালয়লৈ লৈ যায়।

খোদ মুখ্যমন্ত্ৰী পুষ্কৰে অসন্তুষ্টি প্ৰকাশ কৰি ৰাজ্যৰ স্বাস্থ্য সচিব ৰাজেশ কুমাৰক এই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে এম্বুলেন্স কোম্পানী আৰু অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।