NORTHEAST NOW (Assamese)

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

June 21, 2025 1:21 pm · এন ই নাও নিউজ, গুৱাহাটী

গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো আৱক্ষ প্ৰতিমূৰ্তি ২০ জুন তাৰিখে উন্মোচন কৰা হল।‌ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ২নং ছাগলীকটা গাঁৱৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ।

২ নং ছাগলীকটা গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰায় ২ লাখ ৫০ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিয়াইছে আৱক্ষ প্ৰতিমূৰ্তিটো । প্ৰয়াত গণশিল্পীগৰাকীৰ সহধৰ্মিনী উপাসনা বকলিয়ালে প্ৰতিমূৰ্তিত এখনি ফুলাম গামোচা পিন্ধাই আৱক্ষ প্ৰতিমূৰ্তিটো উন্মোচন কৰি আৱেগিক হৈ পৰে ।

উন্মোচনী অনুষ্ঠানত গণশিল্পী ৰাজীৱ শদিয়াৰ পিতৃ-মাতৃ, পুত্ৰ, পৰিয়ালৰ লোক, মটক স্বায়ত্ব শাসিত পাৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, পথাৰ শিল্পী ৰোহিত গগৈ, শিল্পী বিশ্বজিৎ খাটোৱালৰ লগতে অঞ্চলটোৰ শ শ ৰাইজ উপস্থিত থাকে।

Related News