NORTHEAST NOW (Assamese)

ক্ষতিগ্ৰস্তক এটুপি পানী যোগান ধৰিবলৈও ব্যৰ্থ চৰকাৰ

June 23, 2023 9:22 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 24, 2023 7:25 am

বৰপেটা জিলাৰ বজালি মহকুমাৰ অন্তৰ্গত ২নং মেধিকুচী গাঁ‌ৱৰ বানাক্ৰান্ত লোক সকলৰ বিস্তৰ ক্ষতি হোৱাৰ ফলত অবৰ্ণনীয় পৰিস্থিতিৰ মাজত বান শিৱিৰ জীৱন পাৰ কৰিছে। আজি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু কৃষক সভাৰ (অসম ৰাজ্যিক কৃষক সভা) ছয় জনীয়া প্ৰতিনিধি দলে অঞ্চলটো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰে। ২ নং মেধিকুচী গাঁ‌ৱৰ পাঠকৰ ভিঠা চুবা আৰু দলৈ গাঁ‌ৱৰ শানিপুৰ চুবাত পহুমৰা নৈৰ মথাউৰি হঠাৎ  চিগাৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতি হৈছে। পাঠকৰ চুবাত পহুমৰা নদীয়ে ১০০ মিটাৰ পথ খহাই নিয়াৰ ফলত ১৩ টা পৰিয়ালৰ বিস্তৰ ক্ষতি হয়।

চুবাটোৰ ৰাজীৱ তালুকদাৰ, দিলীপ তালুকদাৰ, উৎসৱ তালুকদাৰ, তৰুণ পাটগিৰি, ধীৰাজ পাটগিৰি, ধৰ্মেন্দ্ৰ পাটগিৰি, দীপক পাটগিৰি, গোপেশ তালুকদাৰ, মুখ্য তালুকদাৰ, যতীন  তালুকদাৰ আৰু বিৰাজ তালুকদাৰৰ পৰিয়ালৰ মুৰ্গীৰ ফাৰ্ম, গাহৰি ফাৰ্ম, ধানৰ ভড়াল, কিতাপ-পত্ৰ সকলো উটি গৈছে।

অঞ্চলটোত চৰকাৰে কোনো শিৱিৰ পতা নাই। ৰাইজে নিজাববীয়াকৈ মন্দিৰত শিৱিৰ পাতি আশ্ৰয় লৈছে যদিও খাদ্য-সামগ্ৰী, খোৱা পানীকে ধৰি কোনো বস্তুই চৰকাৰে যোগান ধৰা নাই। পশু খাদ্যৰ কথা ক’বই নালাগে।

আনহাতে দলৈ গাঁ‌ৱৰ শান্তিপুৰ চুবাত পহুমাৰা নদীয়ে মথাউৰিৰ ৫০ মিটাৰ অংশ খহাই নিয়ে। চুবাটোৰ হৃদয় তালুকদাৰ নামৰ ব্যক্তিজনৰ পৰিয়ালৰ সকলো সামগ্ৰ হেৰুৱাবলগীয়া হয়। তেখেতৰ মুৰ্গীৰ ফাৰ্ম, হাঁ‌হৰ মাৰ্ম, গাহৰি ফাৰ্ম, ছাগলী ফাৰ্ম, গৰু, তাঁ‌ত শাল আদি সকলো সামগ্ৰ উটি গৈছে। তেখেতৰ ক্ষয়-ক্ষতিৰ পৰিমাণ ৪-৫ লাখ টকা হ’ব।

যোৱা ২২ জুন তাৰিখে মন্ত্ৰী পীয়ুষ হাজৰিকাই অঞ্চলটোলৈ গৈ ভগ্ন মথাউৰি পৰিদৰ্শন কৰিলে যদিও কোনো এজন বানাক্ৰান্তৰ সৈতে কথা বতৰা নকৰিলে। 

  আজিৰ প্ৰতিনিধি দলত ডি ৱাই এফ আইৰ বৰপেটা জিলা উপসভাপতি এম চৌধুৰী, আঞ্চলিক নেতা গদা চৌধুৰী, কৃষক সভাৰ গনেশ শৰ্মা, সুৰেন চৌধুৰী আৰু পবিত্ৰ দাসে অংশ গ্ৰহণ কৰে। প্ৰতিনিধি দলটোৱে কাইলৈ জিলা প্ৰশাসনক সাক্ষাৎ কৰি বানাক্ৰান্তৰ সমস্যা সম্পৰ্কে অৱগত কৰিব আৰু পৰ্যাপ্ত সাহায্য দাবী কৰিব।

Related News