NORTHEAST NOW (Assamese)

Fact Check: ফোনত বিনামূলীয়াকৈ ২৩৯ টকাৰ ৰিচাৰ্জ দিছে মোডী চৰকাৰে! দৰাচলতে ভুৱা মেচেজ…

March 27, 2023 8:26 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো: সংগ্ৰিহীত।

সুন্দৰ সুযোগ! নৰেন্দ্ৰ মোডী চৰকাৰে ২৩৯ টকাৰ বিনামূলীয়া ৰিচাৰ্জ প্ৰদান কৰিছে। হোৱাটছএপত এটা ভাইৰেল মেচেজ দেখি তেনেকৈয়ে ভাৱিছে নেকি? তেতিয়াহ’লে আপুনি হতাশ হ’ব। কিয়নো কেন্দ্ৰীয় চৰকাৰে জনাইছে যে এই মেচেজটো সম্পূৰ্ণ ভুৱা। কেন্দ্ৰই স্পষ্ট কৰি দিছে যে তেনে কোনো প্ৰকল্প ঘোষণা কৰা হোৱা নাই।

দেওবাৰে প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ (পিআইবি) তথ্য প্ৰত্যায়িত কৰা টুইটাৰ একাউন্ট  “@PIBFactCheck ৰ ফালৰ পৰা এটা বাৰ্তাত কোৱা হৈছে, ‘’ এটা হোৱাটছএপ বাৰ্তাত দাবী কৰা হৈছে যে বিনামূলীয়া মোবাইল ৰিচাৰ্জ আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে সকলো (ম’বাইল) ব্যৱহাৰকাৰীক ২৮ দিনৰ বাবে ২৩৯ টকা ৰিচাৰ্জ কৰি দিব। এই দাবীটো সম্পূৰ্ণৰূপে মিছা। ভাৰত চৰকাৰে এনে কোনো ঘোষণা কৰা নাই।‘’

লগতে পঢ়ক: WPL 2023 Final: মহিলা প্ৰিমিয়াৰ লীগৰ ৰুদ্ধশ্বাস ফাইনেলত দিল্লীক পৰাস্ত কৰি চেম্পিয়ন মুম্বাই

শেহতীয়াকৈ, বাৰ্তাটো হোৱাটছএপত ভাইৰেল হৈছে। তাত কোৱা হৈছে “বিনামূলীয়া মোবাইল ৰিচাৰ্জ আঁচনিৰ অধীনত নৰেন্দ্ৰ মোদী চৰকাৰে সকলো ভাৰতীয় ব্যৱহাৰকাৰীক ২৮ দিনৰ বাবে ২৩৯ টকাৰ বিনামূলীয়া ৰিচাৰ্জ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে আপুনি তলৰ নীলা ৰঙৰ লিংকত ক্লিক কৰি আপোনাৰ নম্বৰ ৰিচাৰ্জ কৰক। মইও মোৰ নম্বৰটো ২৮ দিনৰ বাবে বিনামূলীয়াকৈ ৰিচাৰ্জ কৰিছো। আপুনি তলত দিয়া লিংকটোত ক্লিক কৰিও ৰিচাৰ্জ কৰিব পাৰে। অন্তিম তাৰিখ হৈছে ৩০ মাৰ্চ, ২০২৩। লগতে সেই লিংকটোও দিয়া হৈছে।

ছ’চিয়েল মিডিয়াৰ যুগত, ভুৱা বাতৰি বা ভুৱা বাতৰিৰ কোনো অভাৱ নাই। প্ৰায়ে, ভুৱা বাৰ্তাবোৰ সামাজিক মাধ্যম বা হোৱাটছএপত ভাইৰেল হয়। সেই ভাইৰেল বাৰ্তাটোত সাধাৰণতে এটা লিংক থাকে। যদি আপুনি এটা লাভজনক প্ৰস্তাৱ পায় আৰু সেই লিংকত ক্লিক কৰে, বিপদটো নিশ্চিত। মানুহৰ টকা মুহূৰ্ততে নাইকিয়া হ’ব পাৰে।

লগতে পঢ়ক: অসম কন্যাৰ হাতৰ মুঠিত বিশ্ব: লাভলিনাৰ বিশ্বজয়

সমস্যাটোৰ বিষয়ে সজাগতা বিয়পাবলৈ চেষ্টা কৰা হৈছে যদিও সমস্যাটো এতিয়াও সম্পূৰ্ণৰূপে সমাধান হোৱা নাই। সেয়েহে কেন্দ্ৰৰ তথ্য প্ৰত্যায়িত কৰা টুইটাৰ একাউণ্টটোৰ পৰা প্ৰায়ে টুইটাৰৰ এনে ভুৱা বাৰ্তা চিনাক্ত কৰি দিয়া হয় যাতে মানুহে প্ৰতাৰিত হৈ তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ধন হেৰুৱাবলগীয়া নহয়।

Related News