NORTHEAST NOW (Assamese)

বন্দীৰে উপছি পৰিছে কাৰাগাৰ, ন্যায়িক জিম্মাত মৃত্যু আৰু এইচ আই ভি আক্ৰান্তৰ চিকিৎসাক লৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

July 17, 2026 3:44 pm · এন ই নাও নিউজ, গুৱাহাটী

জিম্মাত মৃত্যুৰ পৰা আৰম্ভ কৰি কাৰাগাৰত বন্দীৰ ভিৰ, মহিলা বন্দীৰ নিৰাপত্তা আৰু এইচ আই ভিৰ দৰে ৰোগৰ চিকিৎসাক লৈ কলকাতা উচ্চ ন্যায়ালয়ে ৰাজ্যৰ কাৰাগাৰসমূহৰ সামগ্ৰিক আন্তঃগাঁথনিৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বন্দীসকলৰ অধিকাৰ ৰক্ষা আৰু আন্তঃগাঁথনি সম্পৰ্কীয় এক গোচৰত ৰাজ্য চৰকাৰক কেইবাটাও কঠোৰ নিৰ্দেশ দি ন্যায়ালয়ে সবিশেষ প্ৰতিবেদন বিচাৰিছে। ন্যায়াধীশ দেবাংশু বসাক আৰু ন্যায়াধীশ মহম্মদ ছাব্বাৰ ৰছিদীৰ খণ্ড বিচাৰপীঠে স্পষ্ট কৰি দিছে যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰাজ্য চৰকাৰে এই সকলো বিষয়ত এখন পূৰ্ণাংগ প্ৰতিবেদন দাখিল কৰিব লাগিব।

আদালতে ২০১৬ চনৰ পৰা জিম্মাত হোৱা মৃত্যুৰ হিচাপ বিচাৰিছে। ৰাজ্যখনে আদালতত দাখিল কৰা প্ৰতিবেদনত ২০২২ চনৰ পৰা ২০২৬ চনৰ জানুৱাৰী মাহলৈকে জিম্মাত মৃত্যুৰ তথ্যহে আছিল, যিটোত আদালত সন্তুষ্ট নহয়। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা ২০২১ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত সংঘটিত হোৱা জিম্মাত মৃত্যুৰ সবিশেষ তথ্য পৰৱৰ্তী প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰিব লাগিব। কেৱল সেয়াই নহয়, ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৬ চনৰ ৩১ জানুৱাৰীলৈকে জিলাভিত্তিক জিম্মাত মৃত্যুৰ ঘটনাৰ পূৰ্ণাংগ তালিকা মৃতকৰ নাম আৰু ঠিকনাসহ অহা ৩১ জুলাই, ২০২৬ৰ ভিতৰত পশ্চিমবংগ ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সদস্য-সচিবৰ ওচৰত জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে। মৃত বন্দীসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰতো সক্ৰিয় ভূমিকা ল’বলৈ জিলা আইনী সেৱা প্ৰাধিকৰণক নিৰ্দেশ দিয়া হৈছে আৰু পৰৱৰ্তী শুনানিত এই ক্ষতিপূৰণ দিয়াৰ কাম কিমান দূৰ আগবাঢ়িল তাৰ খতিয়ানো বিচাৰিছে আদালতে।

ৰাজ্যৰ কাৰাগাৰসমূহত থকা তীব্ৰ কৰ্মী সংকটক লৈয়ো খণ্ড বিচাৰপীঠে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। চৰকাৰী প্ৰতিবেদন অনুসৰি ৰাজ্যত মুঠ অনুমোদিত পদৰ সংখ্যা ৪ হাজাৰ ৭৮৯টা যদিও বৰ্তমান মাত্ৰ ৩ হাজাৰ ৩২২ জনেহে কাম কৰি আছে, অৰ্থাৎ ১ হাজাৰ ৪৬৭টা গুৰুত্বপূৰ্ণ পদ খালী হৈ আছে। খালী পদসমূহ পূৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ নিৰ্দিষ্ট সময়সীমা বা ৰোডমেপ পৰৱৰ্তী প্ৰতিবেদনত দাখিল কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। আনহাতে, কাৰাগাৰত থকা বন্দীৰ অতিৰিক্ত ভিৰক লৈয়ো ৰাজ্যখনক সমালোচনা কৰিছে আদালতে। পৰিসংখ্যা অনুসৰি ৰাজ্যৰ ৬১খন কাৰাগাৰত ২১ হাজাৰ ৯২৯ জন বন্দী ৰখাৰ ক্ষমতা আছে, কিন্তু বৰ্তমান তাত ২৩ হাজাৰ ৮৮৬ জন বন্দী আছে। এই পৰিস্থিতি চম্ভালিবলৈ ৰাজ্য চৰকাৰে নতুন কাৰাগাৰ নিৰ্মাণৰ যি পৰিকল্পনাৰ কথা জনাইছে তাৰ নিৰ্দিষ্ট সময়সূচীও বিচাৰিছে আদালতে। লগতে ভৱিষ্যতে বন্দীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনালৈ চাই কি দীৰ্ঘম্যাদী পৰিকল্পনা লোৱা হৈছে সেয়াও জনাবলৈ কোৱা হৈছে।

মহিলা বন্দীসকলৰ সুৰক্ষা সন্দৰ্ভতো উচ্চ ন্যায়ালয়ে অতি স্পৰ্শকাতৰ নিৰ্দেশ দিছে। কাৰাগাৰত পুৰুষ আৰু মহিলা বন্দীৰ অহা-যোৱাৰ বাবে পৃথকে থকা প্ৰৱেশ আৰু প্ৰস্থানৰ পথ চিচিটিভিৰ নজৰত আছেনে নাই আৰু মহিলা বন্দীক তন্ন তন্নকৈ পৰীক্ষা কৰাৰ বাবে সুকীয়া গোপন কোঠাৰ ব্যৱস্থা আছেনে নাই সেয়া পৰৱৰ্তী প্ৰতিবেদনত স্পষ্টকৈ জনাব লাগিব। একে সময়তে জিম্মাত থকা অৱস্থাত কেইগৰাকীমান মহিলা বন্দী এইচ আই ভি পজিটিভ হোৱা বুলি উত্থাপিত অভিযোগক আদালতে অতি গুৰুত্বসহকাৰে লৈছে। কাৰাগাৰসমূহত এনে ৰোগত আক্ৰান্ত বন্দীৰ সঠিক সংখ্যা কিমান আৰু তেওঁলোকৰ চিকিৎসাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে সবিশেষ জনাবলৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ দিছে কলকাতা উচ্চ ন্যায়ালয়ে।

Related News