NORTHEAST NOW (Assamese)

অৱশেষত মৃত্যুক আকোৱালি ল’লে মহানগৰীৰ গুলি চালনাৰ ঘটনাত গুৰুতৰভাৱে আহত কৰ্মচাৰীয়ে

September 12, 2019 8:32 pm · কল্পজ্যোতি শইকীয়া
মহানগৰীৰ কুমাৰপাৰাৰ গুলি চালনাত নিহত শ্যাম সুন্দৰ শৰ্মা।

মহানগৰীৰ কুমাৰপাৰাত অচিনাক্ত দুৰ্বৃত্তৰ গুলিত গুৰুতৰভাৱে আহত হোৱা শ্যাম সুন্দৰ শৰ্মা(৫০) নামৰ কৰ্মচাৰীজনৰ অৱশেষত মৃত্যু হয়।

বৰ্তমান গুৱাহাটীৰ কুমাৰপাৰাৰ নিৱাসী লোকজনৰ প্ৰকৃত ঘৰ ৰাজস্থানত।

কৰ্মচাৰীজনক সংকটজনক অৱস্থাত প্ৰথমে প্ৰেৰণ কৰা হৈছিল মাৰোৱাৰী মেটাৰনিটী হাস্পাতাললৈ।

তাৰ পাছত শৰ্মাক উন্নত চিকিৎসাৰ বাবে মহানগৰীৰ ছয়মাইলস্থিত জিএনআৰচিলৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে কৰ্মচাৰীজনৰ মৃত্যু হয়।

সন্ধিয়া প্ৰায় ৭:৩০ বজাত শৰ্মাৰ মৃত্যু হয়।

জানিব পৰা মতে বাইকত অহা দুজনীয়া দুৰ্বৃত্তই দোকানত বহি থকা অৱস্থাতে শৰ্মাক গুলিয়াই থৈ যায়।

গুলি চালনাৰ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন দুই দুৰ্বৃত্তই পলায়ন কৰে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ভৰলু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

গুলিচালনাৰ ঘটনাক লৈ কুমাৰপাৰাত চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে ।

বৰ্তমানলৈকে কি কাৰণত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীজনক গুলিয়ালে সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত আছে।

Related News