NORTHEAST NOW (Assamese)

পৰীক্ষা গৃহলৈ আনিব লাগিব মাস্ক আৰু চেনিটাইজাৰ; জেইই আৰু নীট পৰীক্ষাৰ্থী সকলৰ বাবে এন টি এৰ নিৰ্দেশনা

August 26, 2020 12:13 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

জেইই(মেইন) আৰু নীট পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে নেশ্যনেল টেষ্টিং এজেঞ্চি (এন টি এ)য়ে।

এন টি এৰ নিৰ্দেশনা অনুসৰি, জেইই(মেইন) আৰু নীট পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষা কেন্দ্ৰলৈ নিজাববীয়াকৈ মাস্ক, পানীৰ বটল আৰু হেণ্ড চেনিটাইজাৰ লৈ আহিব লাগিব।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰা বাবে এন টি এ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এনেধৰণৰ নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখযোগ্য যে, ছুইজাৰলেণ্ডৰ ১৭ বছৰীয়া পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গেও টুইটযোগে মহামাৰীৰ সময়ত ভাৰত চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰা সিদ্ধান্তক সমালোচন কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে।

বলিউদৰ জনপ্ৰিয় অভিনেতা ছনু চুডেও পৰীক্ষা পিছুৱাবলৈ আহ্বান জনাই ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনৰ সুৰক্ষাৰ সৈতে আপোচ কৰিব নালাগে বুলি মত প্ৰকাশ কৰে।

Related News