NORTHEAST NOW (Assamese)

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও ৮-৯ ঘণ্টা লুকুৱাই ৰখা হৈছিল

September 20, 2025 2:27 pm · এন ই নাও নিউজ, গুৱাহাটী

জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰহস্য বৃদ্ধি পোৱাৰ সময়তেই জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যৰ এটা ফেচবুক পোষ্টে কঁপাই তুলিছে সমগ্ৰ ৰাজ্য –

তলত পৰাগমণি আদিত্যৰ ফেচবুক পোষ্টটো হুবহু তুলি দিয়া হ’ল

“মিছা কথাৰ মায়াজাল ৰচনা কৰি লাভ নাই

আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও ৮-৯ ঘণ্টা লুকুৱাই ৰখা হৈছিল।

ছিংগাপুৰ জেনেৰেল হাস্পতালত জুবিনৰ নিথৰ দেহ পৰি থকাৰ সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই বিজনেজ ছামিট অনুষ্ঠিত কৰি আছিল।

অসমৰ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পিছলৈকে চলি আছিল বিজনেছ ছামিট।

নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজকে কমেও ৮ ঘণ্টালৈ নিচেই ওচৰতে থকা হাস্পতাললৈ যোৱাটো দায়িত্ব বুলি নাভাবিলে।

অসমৰ সংবাদ মাধ্যমক বিয়লি প্ৰায় ৩ বজালৈ “বিশেষ একো হোৱা নাই” ধৰণৰ ধাৰণা এটা দি বিভ্ৰান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিলে।

জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ঘটনাৰ বিষয়ে গুৱাহাটীৰ দুই-এজনক অৱগত কৰিছিল যদিও সকলোকে মুখ বন্ধ কৰি ৰাখিবলৈ কৈ থৈছিল।

ছিংগাপুৰ অসম এছচিয়েচনেও প্ৰকৃত সত্য শুকুৰবাৰে বিয়লি ৩ বজালৈ লুকুৱাই ৰখাই নহয়, সকলোকে বিভ্ৰান্ত কৰিছিল।

য়টত প্ৰমোদ ভ্ৰমণৰ কাৰ্যসূচী জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে উপমন্যু তালুকদাৰে চূড়ান্ত কৰিছিল।

বৃহস্পতিবাৰে নিশা হোটেলত বহু দেৰিলৈকে এক সংগীত অনুষ্ঠান আৰু পাৰ্টীত অংশগ্ৰহণ কৰাৰ পিছত পুৱতি নিশা জুবিনক য়টলৈ উলিয়াই নিছিল।

য়টৰ এই ভ্ৰমণসূচী কোনো সামাজিক দায়বদ্ধতা থকা অনুষ্ঠানৰ পৰিৱৰ্তে কেইজনমান প্ৰবাসী অসমীয়াৰ প্ৰাইভেট বিচ্চ পাৰ্টীহে আছিল। ব্যক্তিগত প্ৰমোদৰ বাবে ছিংগাপুৰ অসম এছচিয়েচনৰ নাম ব্যৱহাৰ কৰিছিল।

এছচিয়েচনৰ প্ৰতিজন সদস্যই প্ৰথম CPR ব্যৰ্থ হোৱাৰ পিছৰ পৰা সঠিকভাৱে অনুধাৱন কৰিছিল যদিও দীঘলীয়া সময় বিভ্ৰান্তমূলক প্ৰচাৰ চলাই প্ৰকাৰন্তে ঘটনাক অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল।

শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজালৈ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অসমৰ বেছিভাগ অতিথিকে জুবিনৰ বিষয়ে মিছা তথ্য দিয়া হৈছিল।

এই অভিযোগসমূহ যিহেতু অতি স্পৰ্শকাতৰ, সেয়েহে ইয়াৰ পূৰ্ণ পৰ্যায়ৰ তদন্ত হোৱাৰ লগতে তিনিটা পক্ষক- নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক, অসম এছচিয়েচন ছিংগাপুৰৰ নিৰ্দ্দিষ্ট লোককেইজন আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি সংগীকেইজনক অধিক বিভ্ৰান্ত সৃষ্টি কৰিব নোৱৰাকে বিচাৰৰ আওতালৈ অনাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰিছোঁ।

বিষয়টো এনেকৈ এৰি দিব নোৱাৰি।

নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু অসম এছচিয়েচন ছিংগাপুৰৰ অভিমন্যু তালুকদাৰ সহিতে কেইবাজনো এই ঘটনাৰ বাবে আন একো নহ’লেও দায়িত্বহীন আচৰণ কৰাৰ দোষতেই দোষী।

অসমীয়া মানুহৰ স্পন্দনস্বৰূপ জুবিনক নিদ্ৰা, জিৰণি, সুৰক্ষামূলক উপকৰণ-সময় নিদি এনে পৰিস্থিতিলৈ ঠেলি দিলে যেন লাগিছে। গুৱাহাটীৰ সংবাদ মাধ্যমে প্ৰথম খবৰ পাওতেই নেতিবাচক বুলিয়ে শুনিছিল। আনৰ দৰে ময়ো আয়োজক আৰু আন কেইবাজনলৈও ফোন কৰিছিলোঁ। অন্তিমবাৰ ফোন কৰাৰ আগেয়ে এই শোকাৱহ মৃত্যুৰ খবৰ নিশ্চিত হৈছিল যদিও আমাক মহন্ত আৰু অন্যান্য কেইবাজনেও “জুবিন ঠিকেই আছে” বুলিহে বুজাব চেষ্টা কৰিছিল।

আজি ছিংগাপুৰত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষাৰ পিছত আজিয়েই অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। ভাৰতীয় সময় অনুসৰি ১১ বজাত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।

চৰকাৰে জনোৱা মতে, পোন প্ৰথমে দিল্লীত অৱতৰণ কৰিব জুবিন গাৰ্গক কঢ়িয়াই অনা এয়াৰ এম্বুলেন্স। তাৰপিছত গুৱাহাটীৰ খানাপাৰালৈ অনা হ’ব জুবিন গাৰ্গক। খানাপাৰাত কেৱল আত্মীয় আৰু পৰিয়ালৰ লোকসকলেহে চাব পাৰিব জুবিন গাৰ্গৰ নশ্বৰ দেহ।

ইয়াৰ পিছত সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। তাতেই হ’ব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

জুবিন গাৰ্গৰ মৃত্যু লৈ এতিয়া ওলাইছে ইটোৰ পিছত সিটো নতুন নতুন তথ্য। জুবিন গাৰ্গক ১৩ ছেপ্তেম্বৰৰ দিনা লগ পোৱা এজন ঘনিষ্ঠ হৰেশ্বৰ মহন্তই জনোৱা মতে স্বাস্থ্যৰ দুৰ্বলতাৰ বাবে ছিংগাপুৰলৈ যাবলৈ মন নাছিল জুবিন গাৰ্গৰ। কিন্তু শ্যামকানু মহন্তই জোৰজবৰদস্তি কৰি লৈ গৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ পত্নী গৰিমা শইকীয়া গাৰ্গ যোৱাৰ কথা আছিল যদিও ভিছা লাভ কৰা নাছিল তেওঁ।

আনহাতে, আন এক খবৰ মতে দুদিন ধৰি কেইবাটাও প্ৰয়োজনীয় টেবলেট খোৱা নাছিল জুবিন গাৰ্গে। শ্যামকানু মহন্তকে ধৰি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থয়ো জুবিনৰ স্বাস্থ্যৰ সুৰক্ষাৰ দিশটো অৱহেলা কৰিছিল। যাৰ বাবেই জুবিন গাৰ্গে এতিয়া অকাল মৃত্যুক সাৱটি ল’বলগা হ’ল জুবিন গাৰ্গে।”

Related News