NORTHEAST NOW (Assamese)

ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যা ৭ হাজাৰ অতিক্ৰমঃ নতুনকৈ মৃত্যু ৬ জনৰ

June 11, 2025 6:24 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতত সক্ৰিয় কৰনা আক্ৰান্তৰ সংখ্যাই সাত হাজাৰ অতিক্ৰম কৰিলে। যোৱা ২৪ ঘন্টাত এই মাৰাত্মক ভাইৰাছৰ ফলত দেশত আৰু ৬ জন লোকৰ মৃত্যু হৈছে।

বুধবাৰে (১১ জুন) ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে শেহতীয়া আপডেটত প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ৩০৬ জন নতুনকৈ কভিড ৰোগী ধৰা পৰিছে। আৰু ছয়জন লোকৰ মৃত্যু হয়।

এই ছয়জন মৃত্যুৰ ভিতৰত তিনিজনৰ মৃত্যু হৈছে কেৰালাত। কৰ্ণাটকত দুটা আৰু মহাৰাষ্ট্ৰত এজন। নিহতসকলৰ ভিতৰত আছে ৪৩ বছৰীয়া এজন লোক। তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম আছিল। বাকী পাঁচজন আটাইকেইজন বৃদ্ধ আৰু ইতিমধ্যে গুৰুতৰ ৰোগত আক্ৰান্ত।

যোৱা কেইদিনমানৰ পৰা ভাৰতত কৰনা আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত LF.7, XFG, আৰু Gen.1 ষ্ট্ৰেইনে অধিক লোকক প্ৰভাৱিত কৰিছে। ইয়াৰ উপৰিও NB.1.8.1 নামৰ এটা নতুন উপপ্ৰকাৰ চিনাক্ত কৰা হৈছে।

ইফালে কৰনা সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছতো ভাৰতত কনা বুষ্টাৰ ডজৰ গণ প্ৰয়োগৰ বিৰুদ্ধে স্বাস্থ্য বিশেষজ্ঞসকলে নিজৰ মতামত প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে বৃদ্ধ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোক, আৰু গুৰুতৰভাৱে অসুস্থ লোকক বুষ্টাৰ ডজ দিব পাৰি।

তেওঁলোকে কয় যে যিহেতু বেছিভাগ লোকে ইতিমধ্যে টিকাকৰণ কৰিছে, গতিকে এই সময়ত নতুনকৈ গণ টিকাকৰণৰ প্ৰয়োজন নাই।

অৱশ্যে তেওঁলোকে মাস্ক পৰিধান, হাত পৰিষ্কাৰ কৰি ৰখা, ভিৰৰ পৰা আঁতৰি থকা আদি সতৰ্কতামূলক ব্যৱস্থা মানি চলিবলৈ আহ্বান জনাইছে।

সংক্ৰমণ বৃদ্ধিৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে স্থানীয় চৰকাৰক বিভিন্ন নিৰ্দেশনা জাৰি কৰিছে। লগতে যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ কোৱা হয়।

কৰনা ভাইৰাছ আৰু সাধাৰণ চৰ্দিৰ পাৰ্থক্য নিশ্চিত কৰিবলৈও আহ্বান জনাইছে বিশেষজ্ঞসকলে।

Related News