NORTHEAST NOW (Assamese)

ছবিখনে বহু কথাই ক’লে; মানৱতাৰ অনন্য দৃষ্টান্ত দাঙি ধৰি ভাইৰেল অসমীয়া বোৱাৰী নীহাৰিকা

June 4, 2021 9:01 am · এন ই নাও নিউজ

এগৰাকী অসমীয়া বোৱাৰীৰ এখন ছবি ভাইৰেল হৈ পৰাৰ পাছতে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। স্বাভাৱিকতেই এগৰাকী গাঁৱলীয়া অসমীয়া বোৱাৰীয়ে দাঙি ধৰা দৃষ্টান্তই নেটিজেনসকলৰ মন প্ৰাণ উদ্বেলিত কৰি তুলিছে।

ৰহাৰ ভাটিগাঁৱৰ ৭৫বছৰীয়া থলেশ্বৰ দাস নামৰ অসুস্থ ব্যক্তিগৰাকীক বোৱাৰীয়েক নীহাৰিকা দাসে পিঠিত তুলি স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ আনিছিল। তাৰ পৰা থলেশ্বৰ দাসক ১০৮ এম্বুলেন্সেৰে নগাঁৱলৈ নিয়া হয়।

কোভিড পজিটিভ চিনাক্ত হোৱা শহুৰেক থলেশ্বৰ দাসক এইদৰে স্বাস্থ্য কেন্দ্ৰলৈ পিঠিত কঢ়িয়াই অনা বোৱাৰীয়েক নীহাৰিকাৰো কোভিড পজিটিভ ধৰা পৰে।

নীহাৰিকাৰ স্বামী চাকৰি সূত্ৰে ঘৰৰ পৰা দূৰত থাকিবলগীয়া হোৱাত শহুৰেকৰ সমস্ত দায়িত্ব বোৱাৰীয়েকে লৈ আহিছে।

আনহাতে, স্বাস্থ্য বিভাগে কোভিড আক্ৰান্ত থলেশ্বৰ দাসক কোভিড কেয়াৰ চেন্টাৰলৈ পঠিয়াই বোৱাৰীয়েক নীহাৰিকাক হোম আইছ’লেশ্যনত থকাৰ কথা কৈছিল যদিও শহুৰেকক এনে অৱস্থাত অকলশৰে হাস্পাতাললৈ পঠিয়াবলৈ ৰাজী নহ’ল নীহাৰিকা।

অৱশেষত স্থানীয় হাস্পাতলৰ চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে দুয়োগৰাকীকে ১০৮ এম্বুলেন্স সেৱাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পাতাললৈ পঠিয়াই দিয়ে৷

শহুৰেক আৰু বোৱাৰীয়েক দুয়োগৰাকীয়ে এতিয়া কোভিড ৰোগী আৰু দুয়োৱে এতিয়া চিকিৎসাধীন।

বৰ্তমানৰ কোভিড পৰিস্থিতিত নীহাৰিকাই যি দৃষ্টান্ত দাঙি ধৰিলে সেয়া সঁচাকৈয়ে এক আদৰ্শ হিচাপে সকলোকে অনুপ্ৰাণিত কৰিব। এগৰাকী অসমীয়া বোৱাৰীৰ এনে কাৰ্যক সকলোৱে একেমুখে কৈ উঠিছে- নীহাৰিকা, তুমি মহান!

Related News