NORTHEAST NOW (Assamese)

‘পিংক জাৰ্চি’ৰে আজি দক্ষিণ আফ্ৰিকা: আঁৰত আছে এক মহৎ উদ্দেশ্য; জানেনে সঠিক কাৰণ?

December 17, 2023 8:53 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 17, 2023 8:06 pm

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত আজি জোহান্সবাৰ্গত অনুষ্ঠিত হৈছে প্ৰথমখন এদিনীয়া। মেচখনত ঘৰুৱা দলটোক সহজে ৮ উইকেটত পৰাস্ত কৰে। লক্ষণীয়ভাৱে মেচখনত দক্ষিণ আফ্ৰিকা অৱতীৰ্ণ হয় পিংক জাৰ্চি পৰিধান কৰি।

প্ৰটিয়াছ বাহিনীয়ে কিয় আজি এই পিংক জাৰ্চিৰে খেলপথাৰত নামিছে জানেনে? দলটোৰ এই সিদ্ধান্তৰ আঁৰত আছে এক মহৎ উদ্দেশ্য। দৰাচলতে, এয়া দক্ষিণ আফ্ৰিকাৰ এদিনীয়া ফৰ্মেটৰ এক ধাৰাবাহিক পৰম্পৰা

দক্ষিণ আফ্ৰিকা ক্ৰিকেটত এই পৰম্পৰা পৰিচিত পিংক ডে’ হিচাপে। এই পৰম্পৰা অনুসৰি দলটোৱে গুলপীয়া ৰঙৰ জাৰ্চি পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ হয়। মূলত: স্তন কেন্সাৰ সজাগতাৰ বাবে দক্ষিণ আফ্ৰিকা ক্ৰিকেটৰ এই পিংক ডে’ পৰম্পৰা।

এই মেচৰ দ্বাৰা কৰা সমুদায় আয় ক্ৰিকেট দক্ষিণ আফ্ৰিকাই স্তন কেন্সাৰৰ সৈতে জড়িত পদক্ষেপসমূহক সহায়ৰ বাবে অনুদান আগবঢ়াব। ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ মুৰব্বী ফলেটচি মোচেকিয়ে সদৰী কৰিছে এই বিষয়ে।

 

ক্ৰিকেট অনুৰাগীসকলৰ সৈতে স্তন কেন্সাৰৰ বিষয়ে এইদৰে পুনৰবাৰ সজাগতা সৃষ্টিত জড়িত হৈ ক্ৰিকেট দক্ষিণ আফ্ৰিকা আনন্দিত বুলি মন্তব্য কৰে মোচেকিয়ে। তেওঁ লগতে কয় যে স্তন কেন্সাৰৰ বিৰুদ্ধে যুঁজত কেৱল সজাগতা যথেষ্ট নহয়।

ক্ৰিকেট দক্ষিণ আফ্ৰিকাই জনসাধাৰণক এই বিষয় সজাগ হ’বলৈ আৰু পৰীক্ষা কৰিবলৈ উৎসাহিত কৰিছে বুলি মোচেকিয়ে মন্তব্য কৰে। তেওঁ কয় যে। দক্ষিণ আফ্ৰিকাৰ মহিলাসকলৰ মাজত স্তন কেন্সাৰ যথেষ্ট পৰিলক্ষিত হয়।

তথাপি আগতীয়াকৈ ধৰা পৰিলে ফলপ্ৰসূ চিকিৎসা আৰু ইতিবাচক ফলাফল পোৱা যায় বুলি দোহাৰে মোচেকিয়ে। উল্লেখ্য যে, ব্ৰেষ্ট কেঞ্চাৰ এৱাৰনেছ(BCA) নামৰ দাতব্য সংস্থাটোৰ সহযোগত ক্ৰিকেট দক্ষিণ আফ্ৰিকাই প্ৰথমে পিংক ডে’ৰ পদক্ষেপ আৰম্ভ কৰিছিল।

২০১৩ চনত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া খেলৰ সময়ত দক্ষিণ আফ্ৰিকাই ঘৰুৱা মাটিত প্ৰথমবাৰৰ বাবে গুলপীয়া ৰঙৰ জাৰ্চি পৰিধান কৰিছিল। ইয়াৰ পিছত দলটোৱে ঘৰুৱা মাটিত সময়ে সময়ে এদিনীয়াত পিংক ডে’ পালন কৰাৰ সিদ্ধান্ত লয়।

Related News