NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ গুলীত আহত মৰিগাঁৱৰ বালিদোঙাৰ ধৰ্ষণকাৰী চৈয়দ আলী ওৰফে ‘পঠা’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2021 10:35 am
Syod ali rape accused

 

মৰিগাঁৱৰ বালিদোঙাৰ জঘন্য ধৰ্ষণকাৰী তথা হত্যাকাৰী চৈয়দ আলী ওৰফে ‘পঠা’ আৰক্ষীৰ গুলীত আহত হৈছে।

আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে এইদৰে গুলীবিদ্ধ হৈছে চৈয়দ আলী।

এগৰাকী ৯বছৰীয়া কণমানিক ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত চৈয়দ আলী আজি পুৱতি নিশা আৰক্ষীৰ গুলীত আহত হয়।

আৰক্ষীয়ে তদন্তৰ বাবে চৈয়দ আলীক কণমানিগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ লৈ যোৱাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত আহত হয় অপৰাধীজন।

জানিব পৰা মতে, চৈয়দ আলীৰ দুয়োখন ভৰিত দুটা গুলী লাগে। তেওঁক বৰ্তমান চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

অভিযোগ অনুসৰি, যোৱা ২০ জুনত এগৰাকী ৯ বছৰীয়া কন্যাক ছৈয়দ আলী ওৰফে ‘পঠা’ই ধৰ্ষণৰ পিছত হত্যা কৰিছিল।