NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী June 28, 2022 4:47 pm
Maharashtra Crisis

গুৱাহাটীত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক সকল অসমলৈ অহাৰ আঁৰত আন কাৰো হাত নাই। নিজ ইচ্ছামতেই অসমত আশ্ৰয়ৰ উদ্দেশ্যে উপস্থিত হৈছিলহি এই বিসম্বাদী বিধায়কগণ। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ মূল নেতা একনাথ সিন্দেই আজি এই স্বীকাৰোক্তি দিছে।

মহানগৰীৰ ৰেডিচন ব্লু হোটেলত বাহৰ পাতি থকা বিসম্বাদী নেতাগৰাকীয়ে কিছু সময় পূৰ্বে ৰেডিচন ব্লু হোটেলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত সাংবাদিকৰ আগত এই মন্তব্য কৰিছে।

সিন্দেই কয়, “আমি গুৱাহাটীলৈ নিজৰ ইচ্ছা মতে আহিছো। অতি সোনকালে আমি মহাৰাষ্ট্ৰলৈ উভতি যাম। আমি বাল ঠাকৰেৰ হিন্দুত্বৰ লগত আছো। এতিয়াও আমি শিৱসেনাৰ আছো। আমি বাল থাকৰেৰ হিন্দুত্বৰ আদৰ্শক আগুৱাই লৈ যাবলৈ বদ্ধপৰিকৰ।”

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সূচনা কৰাৰ পাছতে সিন্দেই শিৱসেনা মুৰব্বী উদ্ধৱ ঠাকৰেক এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰি বিজেপিৰ সৈতে পুনৰ মিত্ৰতা গঢ়িবলৈ দাবী জনাইছিল।

এনে পৰিস্থিতি বিজেপিৰ সহযোগতে সিন্দেই দলীয় বিদ্ৰোহৰ সূত্ৰপাত ঘটাইছে বুলি চৰ্চা চলিছিল। তদুপৰি বিসম্বাদৰ সৃষ্টি কৰাৰ পাছতে প্ৰথমে গুজৰাট আৰু পিছত অসমলৈ ঢাপলি মেলিছিল ববিসম্বাদী শিবিৰটোৱে।

এই দুয়োখন ৰাজ্যতে বিজেপিৰ চৰকাৰ থকালৈ চাই বিসম্বাদী দলটোৱে বিজেপিৰ পৃষ্ঠপোষকতা লাভ কৰিছে বুলি স্বাভাৱিকতেই চৰ্চিত হৈছিল।