NORTHEAST NOW (Assamese)

পত্নীক হত্যা কৰি পতিয়ে ক’লে- ‘‘চাহ বনাবলৈ মন নকৰি খং উঠাই লৈছিল বাবে হত্যা কৰিলো’’! ক’ত?

February 25, 2021 10:11 am · এন ই নাও নিউজ

পিতৃতান্ত্ৰিক পৰিৱেশত নাৰীৰ অধিকাৰক লৈ বম্বে উচ্চ ন্যায়ালয়ে এটা বক্তব্য প্ৰদান কৰিছে যে বিবাহ হৈছে আদৰ্শগতভাৱে সমতাৰ ওপৰত প্ৰতিষ্ঠিত এটা বান্ধোন

উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰা এজন লোকৰ এখন আবেদনমৰ্মে ন্যায়ালয়ে বক্তব্যটো প্ৰদান কৰিছে।

২০১৩ চনত নিজৰ পত্নীক হাঁতুৰিৰে কোবাই হ্ত্যা কৰাৰ দোষত সন্তুষ আটকাৰ (৩৬) নামৰ লোকজনে দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ মুখামুখি হৈছে।

হত্যা কৰাৰ উপৰিও হত্যকাণ্ডটোৰ সকলো প্ৰমাণ তেওঁ ধ্বংস কৰি পেলাইছিল।

ব্যক্তিজনে ন্যায়ালয়ত প্ৰদান কৰা আবেদনখনত তেওঁ লিখিছিল যে পত্নীয়ে চাহ বনাবলৈ অস্বীকাৰ কৰি তেওঁক খং উঠাইছিল, যাৰ ফলত দুৰ্ভাগ্যজনক ঘটনাটো হ’বলৈ পালে।

বম্বে উচ্চ ন্যায়ালয়ে পত্নী হত্যাকাৰী আটকাৰক হত্যাকাণ্ড স্বীকাৰ নকৰা আৰু অপৰাধৰ প্ৰমাণসমূহ নষ্ট কৰাৰ বাবে ভাৰতীয় দণ্ডবিধি আইনৰ ক্ৰমে ২০১ আৰু ৩০৪ ধাৰাৰমতে ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

‘‘বিবাহ হৈছে আদৰ্শগতভাৱে সমতাৰ ওপৰত প্ৰতিষ্ঠিত এটা বান্ধোন।’’ বম্বে’ উচ্চ ন্যায়ালয়ে কয়- ‘‘এইধৰণৰ ঘটনাসমূহ নতুন নহয়। এনেধৰণৰ ঘটনাসমূহে লিংগবৈষম্যক প্ৰতিফলন কৰে।’’

পত্নীক সম্পত্তিৰ দৰে গণ্য কৰাৰ এই মধ্যযোগীয় ধাৰণাটো সংখ্যাগৰিষ্ঠ লোকৰ মাজত এতিয়াও বৰ্তি আছে বুলি বম্বে ন্যায়ালয়ে কয় যে ই দুৰ্ভাগ্যজনক।

Related News