NORTHEAST NOW (Assamese)

২০২০ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

October 24, 2020 9:46 am · এন ই নাও নিউজ

অসামৰিক সেৱা আৰু ভাৰতীয় বন সেৱাৰ বাবে অনুষ্ঠিত হোৱা ২০২০ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে।

কেন্দ্ৰীয় লোকসেৱা আয়োগে পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাত্ৰ ২০ দিনৰ ভিতৰতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ মাজতে কোভিড প্ৰট’কল মানি ৪ অক্টোবৰত য়ু পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছিল।

দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ১০.৫৮ লাখ পৰীক্ষাৰ্থীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছিল।

আনহাতে, বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত পৰীক্ষাৰ কাট অফ মাৰ্ক বৃদ্ধি পাইছে।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ মূল পৰীক্ষা ২০২১ চনৰ জানুৱাৰি মাহৰ ৮ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব।

পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলে ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ মাজতো ইমান কম সময়ৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা বাবে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শলাগ লৈছে।

Related News