NORTHEAST NOW (Assamese)

বানত জুৰুলা টীয়কৰ জাঁজীমুখত শোচনীয় ৰাষ্টা-ঘাটে ধাৰণ কৰিছে জটিল ৰূপ

August 6, 2020 5:14 pm · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও

ক্ৰমাগতভাৱে বানত জুৰুলা যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখ অঞ্চলত বৰ্তমান শোচনীয় ৰাষ্টা-ঘাটে এক জটিল ৰূপ ধাৰণ কৰিছে l

ইটোৰ পিছত সিটো সমস্যাই যেন লগ এরা নাই জাঁজীমুখবাসীক ৷ ক’ৰনাৰ আতংকৰ মাজতে তিনিটাকৈ বানে ধুৱাই নিলে জাঁজীমুখ বাসীক।

সমগ্ৰ ৰাজ্যৰ লগতে চলিত বৰ্ষত যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখতো বানপানীয়ে এক জটিল ৰূপ ধাৰণ কৰি বহু সা-সম্পত্তি ধংস কৰিলে ৷

বৰ্তমান বান কমিল যদিও তিনিটাকৈ বানে ধুই নিয়া এই  নৈ পৰীয়া অঞ্চলটোৰ বানৰ পাছত বাট-পথসমূহৰ দুৰৱস্থাই এক যমৰ যন্ত্ৰণা ভোগাইছে ৰাইজক ৷

বিশেষকৈ জাঁজীমুখ প্লেটফৰ্ম-বেজৰছিগা-হাতীশাল সংযোগী পথটোৰ বহু ঠাইত বানে উটুৱাই নিয়াত দুৰ্ভোগ ভূগিছে ৰাইজে।

পথটোৰ কেইবাছোৱাতো ছিঙি গৈ দ গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত হৈছে ভীষণ অসুবিধা হৈছে অঞ্চলটোত।

আনহাতে, অহা এক চেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ কথা, সেয়ে বিভাগীয় কৰ্তৃপক্ষক পথটো অনতি পলমে মেৰামতি কৰি দিবলৈ টি এম পি কেই  আহ্বান জনাইছে।

Related News